• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছন্দপতন! ছেমিফাইনেলত স্বপ্নভংগ আফগানিস্তানৰ, প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2024 9:49 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক অভাৱনীয় অভিযানেৰে টী-২০ বিশ্বকাপত চমক দিছিল আফগানিস্তানে। ছেমি ফাইনেলত সেই চমক বুমেৰাং হৈ পৰিল। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈ বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা বিদায় ল’লে ৰছিদ খানৰ দলটোৱে।পৰাজয়ো একপক্ষীয়ভাৱে ৯ উইকেটত। বিশ্বকাপৰ ফাইনেলত এই প্ৰথমবাৰৰ বাবে খেলিব দক্ষিণ আফ্ৰিকাই।

আইচিচি টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো বেটছমেনসকলে আৰম্ভণিৰে পৰাই আফগানিস্তানক অস্বস্তি দিছে। অ’পেনাৰ দুজনৰ বাহিৰে কোনো মিডল অৰ্ডাৰ বেটছমেনে সমগ্ৰ প্ৰতিযোগিতাখনত দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। ছেমি ফাইনেলত ট্ৰিনিদাদৰ ছুইং ছাপৰ্টিং পিটছত দুটা অ’পেনাৰ বিফল হোৱাৰ লগে লগে আফগান বেটিং বিভাগ তাচ পাতৰ ঘৰৰ দৰে খহি পৰিল।

ছেমি ফাইনেলৰ দৰে মেগা মেচত গুৰবাজৰ আফগানিস্তানে মাত্ৰ ৫৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। হয় খেলপথাৰত ছুইং আছিল, কিছুমান অপ্ৰত্যাশিত বাউন্সো আছিল। কিন্তু ৫৬ ৰাণত অল আউট হোৱাৰ কোনো অজুহাত নাছিল।

Apply Now
ফটোঃ সংগ্ৰহীত।

সমগ্ৰ আফগান বেটিং বিভাগত মাত্ৰ এটাই দুটা সংখ্যাৰ ৰান লাভ কৰিছে। তেওঁ হৈছে আজমাতুল্লাহ ওমৰজাই। তেওঁৰ সংগ্ৰহ ১০ ৰাণ। বাকী কোনেও দহৰ সীমা অতিক্ৰম কৰা নাই। দক্ষিণ আফ্ৰিকাৰ হৈ ছামচি (৩-৬), জান্সেন (৩-১৬), ৰাবাডা (২-১৪), নাখিয়াৰা (২-৭)-ই ত্ৰুটিহীনভাৱে বলিং কৰে।

লক্ষ্য আছিল মাত্ৰ ৫৭ ৰান। বুজাই গৈছিল যে দক্ষিণ আফ্ৰিকাই বিশেষ খৰধৰ কৰাৰ দৰকাৰ নহয়। অৱশ্যে প্ৰথম তিনিটা অভাৰত বলিঙত দুৰ্দান্ত হৈ উঠিছিল ফাৰুকী আৰু নবীন উল হক। ফাৰুকিয়ে ডি’ক’ৰ উইকেট দখল কৰে। কিন্তু মাত্ৰ ৫৬ ৰানৰ মূলধন লৈ অন্ততঃ ছেমি ফাইনেলত প্ৰতিপক্ষক প্ৰত্যাহ্বান জনাব নোৱাৰি। আফগানসকলেও নোৱাৰিলে।

ফটোঃ সংগ্ৰহীত।

দক্ষিণ আফ্ৰিকাই মাত্ৰ ৮ অভাৰ আৰু ৫টা বলত ১টা উইকেট হেৰুৱাই নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয়। ৰেজা হেণ্ড্ৰিক্সে ২৯ ৰান আৰু আইডেন মাৰ্কৰামে ২৩ ৰান সংগ্ৰহ কৰে।

টী-২০ বিশ্বকাপৰ ফাইনেলত আফগানিস্তানক অনায়াসে পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাই। বিশ্ব ক্ৰিকেটত ‘চোকাৰ্ছ’ হিচাপে পৰিচিত দলটোৱে প্ৰথমবাৰৰ বাবে কোনো বৃহৎ প্ৰতিযোগিতাৰ ফাইনেল খেলিব। ইয়াৰ পূৰ্বে টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা দক্ষিণ আফ্ৰিকাই দুবাৰকৈ বিদায় লব লগা হৈছিল।

ফটোঃ সংগ্ৰহীত।

অৱশ্যে আফগানিস্তানে হয়তো তেওঁলোকে ফাইনেল খেলিব নোৱাৰিলে। কিন্তু ৰছিদ খানৰ দলটোৱে যিদৰে অজেয় যুঁজ দি শেষ চাৰিটা স্থানত উপনীত হ’ল, সেয়া বিশ্ব ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰ’ব। বিশ্বকাপ জয়ৰ সপোনটো আধৰুৱা হৈ থাকিলেও যুদ্ধবিধ্বস্ত দেশ এখনে বিশ্ব মঞ্চত নিজকে যিদৰে বিচাৰি পালে, সেইটোৱে আৰু বহুতকে সপোন দেখিবলৈ শিকাব।

ফটোঃ সংগ্ৰহীত।

সংক্ষিপ্ত স্কোৰঃ

আফগানিস্তানঃ ৫৬ (আজমাতুল্লাহ ১০, জান্সেন ৩-১৬, চামছি ৩-৬)

দক্ষিণ আফ্ৰিকা: ৬০-১ (হেণ্ড্ৰিক্স ২৯, মাৰ্কৰাম ২৩, ফাৰুকি ১-১১)

দক্ষিণ আফ্ৰিকাই ৯ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd