NORTHEAST NOW (Assamese)

গুৱাহাটীৰ কৃত্রিম বান সমস্যাক লৈ অসম নাগৰিক সন্মিলনৰ আলোচনা সভা

April 27, 2026 7:52 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:47 am

যোৱা শনিবাৰে অসম নাগৰিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত ৩০ জনতকৈও অধিক সদস্যই অংশগ্ৰহণ কৰে। ঊনৈশ এপ্ৰিলৰ নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চহৰখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বান আৰু ইয়াৰ ফলত হোৱা ব্যাপক ক্ষয়ক্ষতিৰ সন্দৰ্ভত সভাত বিতংভাৱে আলোচনা কৰা হয়। বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীত চাৰিজনকৈ লোকে প্ৰাণ হেৰুওৱা ঘটনাত সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। সভাখনত উপস্থিত থকা বিশেষজ্ঞ আৰু অভিযন্তাসকলে আঙুলিয়াই দিয়ে যে চহৰখনৰ বান সমস্যা সমাধান আৰু নলা-নৰ্দমাৰ উন্নতিৰ বাবে ইতিপূৰ্বে কেইবাটাও সুচিন্তিত বৈজ্ঞানিক প্ৰস্তাৱ আগবঢ়োৱা হৈছিল, কিন্তু চৰকাৰে সেইবোৰ বাৰে বাৰে আওকাণ কৰি আহিছে।

সভাত অংশগ্ৰহণকাৰীসকলৰ প্ৰায়বোৰ সদস্যই কয় যে নাগৰিকসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰাত ব্যৰ্থ হৈছে বাবেই আজি প্ৰশাসন গুৱাহাটীৰ সমস্যাসমূহৰ প্ৰতি ইমান আনমনা আৰু উদাসীন হ’ব পাৰিছে। তেঁওলোকে কয়, “আমি পাহৰি গৈছোঁ যে গুৱাহাটীখন আমাৰহে। চহৰখনৰ ভৱিষ্যত সম্পৰ্কে লোৱা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰে আমাৰ সৈতে আলোচনা কৰিবই লাগিব।” সকলোৱে একমুখে কয় যে পৌৰ নিগমৰ যাবতীয় কৰ-কাটল আগতকৈ দুগুণ বঢ়োৱা হৈছে, অথচ তাৰ বিনিময়ত গুৱাহাটীবাসীয়ে পাবলগীয়া সা-সুবিধাবোৰ পোৱা নাই। সভাই চহৰখনৰ কৃত্ৰিম বান আৰু অন্যান্য গুৰুত্বপূৰ্ণ সমস্যাসমূহ সমাধানৰ বাবে গুৱাহাটীৰ বিভিন্ন অংশৰ প্ৰতিনিধিক সামৰি সোনকালে এখন ৰাজহুৱা সভা আহ্বান কৰাৰ সিদ্ধান্ত লয়।

Related News