NORTHEAST NOW (Assamese)
অসম

কোকিলাৰ বাশবাৰীত বিদ্যালয়ত অগ্নিকাণ্ড : নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ সন্দেহ

Posted by: ইয়াছিন আলী December 6, 2018 7:40 pm
কোকিলাৰ বাশবাৰীত বিদ্যালয়ত অগ্নিকাণ্ড : নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ সন্দেহ

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাশবাৰী-ছালাবিলা চৰপাৰা প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয়।

উল্লেখযোগ্য যে ১৯৮২ চনতে স্থাপিত বিদ্যালয়খনত আজি দুপৰীয়া ছুটি হোৱাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। ফলত বিদ্যালয়খন অগ্নিকাণ্ডত ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ঘটনাটোৱে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰে।

আনহাতে স্থানীয় একাংশ ৰাইজে সমাগত পঞ্চায়ত নিৰ্বাচনৰ সময়ত ৰাজনৈতিক ষড়যন্ত্ৰৰে কোনো দুষ্কৃতিকাৰীয়ে বিদ্যালয়খনত অগ্নি সংযোগ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

যিহেতু বিদ্যালয়খনৰ প্রধান শিক্ষক মিজানুৰ ৰহমানৰ ঘৈণীয়েক হাফিজা খাতুনে পঞ্চায়ত নিৰ্বাচনত ৩ নং বাশবাৰী-ছালাবিলা গাঁও পঞ্চায়তৰ ৩ নং ছালাবিলা খণ্ডৰ পৰা অগপ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে।

উল্লেখযোগ্য যে যোৱা ৩ ডিচেম্বৰতো এজন অগপ কৰ্মীক গুলীয়াই হত্যা কৰিছিল তেনে পৰিস্থিতিত আজি পুনৰ বিদ্যালয়খনত দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা ঘটনাত স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে।