NORTHEAST NOW (Assamese)
অসম

পাৱাৰলিফটিঙত আন্ত:ৰাষ্ট্ৰীয় স্তৰত উজ্বলিল অসম কন্যা  চৈয়দা চামিনা ৰাজিন

Posted by: পাৰ্শ্বজ্যোতি গগৈ December 6, 2018 7:47 pm
IMG-20181206-WA0009

অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী অসমীয়া  যুৱতীয়ে। পাৱাৰলিফটিঙত  আন্ত:ৰাষ্ট্ৰীয় স্তৰত জিলিকিল গোলাঘাটৰ  কন্যা চৈয়দা চামিনা ৰাজিন৷ ৪ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰৰলৈকে মঙ্গোলিয়াৰ ওলানবাটাৰত অনুষ্ঠিত হৈ থকা এপিএফ এচিয়ান ক্লাছিক পাৱাৰলিফটিং চেম্পিয়নশ্বিপত এটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ তিনিটাকৈ পদক লাভ কৰি এই সন্মান লাভ কৰিছে চৈয়দা চামিনা ৰাজিনে।

দেশৰ হৈ পাৱাৰলিফটিঙৰ ডেডলিফটত ৰূপ, স্কোৱাট আৰু বেঞ্চপ্ৰেছত এটাকৈ ব্ৰঞ্জৰ পদকসহ মুঠ তিনিটা পদক লাভ কৰা চামিনা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত Bachelor of Physical Education ৰ ছাত্ৰী৷ গোলাঘাট হামদৈপুল নিউ কলনিৰ চৈয়দ তৈয়বুৰ ৰহমান আৰু চৈয়দা মেৰিনা বেগমৰ কন্যা চামিনাৰ সাফল্যত উৎফুল্লিত সকলো।