NORTHEAST NOW (Assamese)

অনাহাৰে থাকিও খুজি-মাগি অনা আহাৰ পদপথৰ কুকুৰক খুৱাই মানৱতাৰ নিদৰ্শন দেখুৱাইছে এগৰাকী নিঃসহায় মহিলাই

January 1, 2021 6:51 pm · ভাৰ্গৱ হাজৰিকা

নগাঁও জিলাৰ পুৰণিগুদামৰ এগৰাকী নিঃসহায় মহিলাই দেখুওৱালে অবোধ জীৱৰ প্ৰতি থকা প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন।

পুৰণিগুদামৰ গড়মূৰৰ এটি পৰিত্যক্ত পুথিভঁৰালত কেইটামান কুকুৰৰ সৈতে অকলশৰে দীৰ্ঘদিন ধৰি বাস কৰি অহা দৰিদ্ৰ মহিলা গৰাকীৰ নাম মমী দাস।

চকুৰেও ভালকৈ মনিব নোৱৰা মহিলা গৰাকীয়ে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জনৰ পৰা খুজি-মাগি এসাজ খাই আনসাজ নোখোৱাকৈ কোনোমতে অতিবাহিত কৰি আহিছে জীৱনটো।

কিন্তু নিচলা মহিলা গৰাকীৰো আছে এখন বহল হৃদয়!

মগনীয়া হ’লেও মহিলা গৰাকী দেখিলেই এই কথা সততে উপলব্ধি কৰিব পাৰিব আপুনিও।

খোজনীয়া মমী মাগিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পৰৰে পৰা পুনৰ উভতি ঘৰটো পোৱা পৰ্য্যন্ত প্ৰতিটো ক্ষণতে মমীক সংগ দিয়ে অঞ্চলটোৰ ভিন্ন ঠাইৰ পদপথৰ বহু কেইটা সৰু-বৰ কুকুৰে।

কাৰণ মমীয়ে সঁচা অন্তৰেৰে ভালপায় পদপথৰ অঘৰী কুকুৰবোৰক।

খুজি-মাগি পোৱা অধিকাংশ খাদ্য নিজে ভোকত থাকি হ’লেও হাঁহি মুখেৰে খুৱাবলৈ ভালপায় অঞ্চলটোৰ পদপথত দিন কটোৱা কুকুৰ বোৰক।

মমীৰ হাতত সুহৃদয় সকলে গুজি দিয়া বিস্কুট-চিপছ্, ৰুটী-চিঙৰা সকলোবোৰ নিজে নিৰাহাৰে থাকি হ’লেও বিলাই যায় পদপথত মমীৰ অপেক্ষাত ৰৈ থকা কুকুৰ বোৰৰ মাজত।

লক্ষণীয়ভাবে সৰ্বসাধাৰণে তিলমানো গুৰুত্ব প্ৰদান নকৰা পদপথৰ কোনো এটা কুকুৰৰ অস্বাভাৱিক মৃত্যুত কান্দি উঠে মমীয়ে, উপবাসেও থাকে কেইবাদিনো!

সৰ্ৱস্বান্ত হৈয়ো অবোধ জীৱৰ প্ৰতি খোজনীয়া মমীয়ে দেখুওৱা গভীৰ আত্মীয়তাৰ বাবে মমী এতিয়া চিৰ পৰিচিত পুৰণিগুদাম বাসীৰ মাজত।

যাৰ বাবে মৃদুভাষী মমীক বহুজনে দান কৰে মুক্তহস্তে।

নিজৰ আত্মীয় লোকেও বহু বছৰৰ পূৰ্বেই ত্যাগ কৰা নিঃসহায় মমী কিন্তু ক্ৰমশঃ ৰুগীয়া হৈ পৰাত এতিয়া লাহে-লাহে হেৰুৱাব ধৰিছে  দৃষ্টিশক্তিও।

বিভিন্ন আঘাতেৰে জৰ্জৰিত হোৱাৰ পিছতো নিজ শৰীৰটোৰ প্ৰতি তিলমানো ভ্ৰূক্ষেপ নকৰি কেৱল নিৰ্বোধ জীৱ কেইটিৰ বাবে দিনৰ দিনটো মাগি ফুৰা মমীৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি দিবৰ বাবে ইচ্ছুক সদাশয় লোকক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে পুৰণিগুদামৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে।

Related News