NORTHEAST NOW (Assamese)

Mid Day Meal Scam কোকৰাঝাৰত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কুইন্টলে কুইন্টলে পচা মধ্যাহ্ন ভোজনৰ চাউল

November 22, 2021 3:03 pm · ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
ফটো: নৰ্থইষ্ট নাও।

Mid Day Meal Scam কোকৰাঝাৰ চহৰৰ নাতিদুৰৈত অৱস্থিত দেৱৰগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত মাটিত গাঁত খান্দি পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে বস্তাই বস্তাই কুইন্টলে কুইন্টলে পচা চাউল।

চৰকাৰে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰা চাউলৰ বস্তা আছিল এইবোৰ।

যি সময়ত চৰকাৰে দেশৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰি দেশৰ ভৱিষ্যত মানৱ সম্পদ হিচাপে ৰূপান্তৰিত কৰিবলৈ কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে, তাৰ ভিতৰত বিদ্যালয়ত দুপৰীয়াৰ আহাৰ যোগান ধৰাটো অন্যতম ৷

কিন্তু ছাত্ৰ-ছাত্ৰীক খুওৱাৰ উদ্দেশ্যৰে অতি নিম্ন মানৰ চাউল যোগান দিয়াত খাদ্যৰ অনুপযোগী কুইন্টলে কুইন্টলে পঁচা চাউল গাঁতত পুতি থোৱা অৱস্থাত উদ্বাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Also Read: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ শুৱালকুছিত ইউনিফৰ্ম কেলেংকাৰী: কাপোৰ নহয় যেন কাগজৰ টুকুৰাহে!

অভিভাৱক আৰু স্থানীয় বাসিন্দা সকলৰ অভিযোগ যে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে চৰকাৰে যোগান ধৰা চাউল সমূহ বিদ্যালয়খনৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীয়ে সঠিক সময়ত বিতৰণ নকৰাৰ বাবেই বহু দিন ধৰি যত্ন নোলোৱাকৈ দমাই থোৱাত  চাউলখিনি পচি গ’ল৷

ইয়াৰ বাবেই গোপনে বিদ্যালয় চৌহদত বস্তাই বস্তাই মধ্যাহ্ন ভোজনৰ চাউল পুতি পেলাব লগীয়া হ’ল৷

সেয়ে ৰাইজে এই বিষয়ত তদন্ত বিচৰাৰ লগতে অধ্যক্ষ গৰাকীক নিলম্বন কৰিব লাগে বুলিও সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে৷

Also Read: Sexual Harassment বিশেষভাৱে সক্ষম কিশোৰীক যৌন নিৰ্যাতন; অভিযুক্তক ৰাইজে উত্তম-মধ্যম শোধাই গটালে আৰক্ষীক

ইপিনে, দেৱৰগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীয়ে সমুদায় অভিযোগ অস্বীকাৰ কৰি ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰা নিম্ন মানৰ মধ্যাহ্ন ভোজনৰ চাউলসমূহ খোৱাৰ অনুপযোগী হোৱাৰ বাবেহে বিদ্যালয় পৰিচালনা কমিটিৰ সৈতে আলোচনা-বিলোচনা কৰি গাঁত খান্দি পুতি থোৱা হৈছিল বুলি জানিব দিয়ে৷

Related News