NORTHEAST NOW (Assamese)
অসম

সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও November 22, 2021 2:47 pm

বঙাইগাঁও জিলাৰ কাকৈজানাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ১১ সংখ্যক কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধিৱেশনৰ জৰিয়তে নৱ গঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখনৰ বিষয়ববীয়াসকলক দেওবাৰে কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি ত্ৰৈলোক্য ৰায়ৰ উপস্থিতিত শপত বাক্য পাঠ কৰোৱা হয় ৷

অধিৱেশনৰ প্ৰতিনিধি সভাত কিশোৰজ্যোতি ৰায়ক সভাপতি আৰু হিতেশ সিংহক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখন নতুন শক্তিশালী কেন্দ্ৰীয় সমিতি গঠন কৰা হয় ৷

সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কেন্দ্ৰীয় সমিতিখনে দায়িত্বভাৰ গ্ৰহণ কৰি অহা ২৮ নৱেম্বৰত যুৱ ছাত্ৰ সন্মিলনীৰ মুখ্য কাৰ্যালয়ত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ সিদ্বান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে কাকৈজানত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সংগঠনটোৰ কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধৱেশনখন অনুষ্ঠিত হৈছিল৷