NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণ উদ্যোগত আইন সেৱা শিবিৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ February 18, 2019 8:01 am

শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ যৌথ উদ্যোগত ১৭ ফেব্ৰুৱাৰিত আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন আইন সেৱা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰ আয়োজনৰ অংশ ৰূপে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা সেৱা আৰু আঁচনি সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এখনি প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত এই আইন সেৱা শিবিৰত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামে। অনুষ্ঠান উপস্থিত থাকি শিৱসাগৰ জিলা  উপায়ুক্ত এছ লক্ষ্মণনে তেওঁৰ ভাষণত কয় যে এই শিবিৰৰ মাধ্যমেৰে জিলাখনৰ ৰাইজে বিভিন্ন ধৰণৰ আইনী পৰামৰ্শ লাভ কৰাৰ লগতে চৰকাৰী আঁচনি, প্ৰকল্প আৰু সেৱা সমূহৰ বিষয়ে বিতংকৈ জানিবলৈ সুবিধা পাব।

অনুষ্ঠানটিত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়-ববীয়াই নিজ নিজ কাৰ্য্যপ্ৰণালীৰ উপৰিও জনকল্যাণৰ বাবে ৰূপায়ণ কৰি অহা আঁচনি আৰু সেৱা সম্পৰ্কে আলোকপাত কৰি বক্তব্য দাঙি ধৰে।

এই অনুষ্ঠানতেই বিভিন্ন আঁচনিৰ অধীনত কিছু সংখ্যক হিতাধিকাৰীৰ মাজত অনুদান আগবঢ়োৱা হয়। ৰাজ্যিক গ্ৰামীণ আজীৱিকা অভিযানৰ অধীনত কনকলতা মহিলা সৱলীকৰণ যোজনাৰ অধীনত ১০ টা আত্মসহায়ক গোটক ২৫০০০ টকাকৈ ঘূৰ্ণিয়মান পুঁজিৰ অনুদান পত্ৰ প্ৰদান কৰা হয়।

কৃষি বিভাগৰ অন্তৰ্গত ৩ গৰাকী হিতাধিকাৰীক ৭৫ % ৰাজসাহায্যত ডিজেল পাম্পছেট দিয়া হয়। সমাজ কল্যাণ বিভাগৰ অধীনত ৩ গৰাকী দিব্যাংগক হুইলচেয়াৰ প্ৰদান কৰাৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত দুগৰাকী হিতাধিকাৰীক উজ্জ্বলা আঁচনিৰ অন্তৰ্গত ৰন্ধনগেছৰ সুবিধা প্ৰদান কৰা হয়।