NORTHEAST NOW (Assamese)

১৫ বছৰ ধৰি উপৰ্যপুৰি ধৰ্ষণ! : ধৰ্ষণকাৰীক চোকা অস্ত্ৰেৰে হানিখুচি হত্যা কৰিলে ধৰ্ষিতাই

October 17, 2020 7:17 pm · এন ই নাও নিউজ
Updated: October 17, 2020 7:23 pm
প্ৰতীকাত্মক ফ'টো

ধৰ্ষণৰ অভিযোগত এজন লোকক হত্যা কৰিছে এগৰাকী মহিলাই। অভিযুক্তক হত্যা কৰিয়ে স্থানীয় আৰক্ষী থানালৈ ফোন কৰি আত্মসমৰ্পণ কৰে মহিলাগৰাকীয়ে।

শেহতীয়াকৈ সংবাদ মাধ্যমলৈ অহা ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰাজধানীৰ পৰা ২০০ কিলোমিটাৰ নিলগৰ গুনা জিলাত।

আৰক্ষীৰ সূত্ৰৰ খবৰ মতে জিলাখনৰ অশোক নগৰৰ এগৰাকী মহিলাক প্ৰতিৱেশী ব্ৰিজভূষণ শৰ্মাই ২০০৫ চনৰ পৰা যোৱা ১৫ বছৰ ধৰি উপৰ্যপুৰি ধৰ্ষণ কৰি আহিছিল। যোৱা ১২ অক্টোবৰতো লোকজনে মহিলাগৰাকীক পুনৰ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰোতে মহিলা গৰাকীয়ে চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰে ব্ৰিজভূষণ শৰ্মাক।

মহিলা গৰাকীয়ে আৰক্ষীক জনোৱা অনুসৰি ব্ৰিজভূষণ তেওঁৰ প্ৰতিৱেশী আছিল। কিশোৰী অৱস্থাতে অৰ্থাৎ মাত্ৰ ১৬ বয়সতে ব্ৰিজভূষণে মহিলা গৰাকীক প্ৰথমবাৰ ধৰ্ষণ কৰিছিল। সেই ধৰ্ষণৰ মুহূৰ্তটো মোবাইল কেমেৰাত ৰেকৰ্ডিং ৰাখিছিল ব্ৰিজভূষণে।

পৰৱৰ্তী সময়ত এই ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি প্ৰদানেৰে ব্ৰিজভূষণে মহিলাগৰাকীক বিগত ১৫ বছৰে ধৰি ধৰ্ষণ কৰি আহিছিল। আনকি শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে সন্মত নহ’লে মহিলা গৰাকীক ব্ৰিজভূষণে শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছিল বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।

ইয়াৰ পিছতে মহিলা গৰাকীয়ে ব্ৰিজভূষণক চৰম শাস্তি দিয়াবলৈ মনস্থ কৰি ১২ অক্টোবৰত ধৰ্ষণৰ চেষ্টা কৰোতে এখন চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ২৫ বাৰকৈ হানাখুচা কৰি ব্ৰিজভূষণক হত্যা কৰে।

হত্যা কৰাৰ পিছত আৰক্ষী থানালৈ ফোন কৰি মহিলাগৰাকীয়ে আত্মসমৰ্পণ কৰে। ইতিমধ্যে আৰক্ষীয়ে মহিলা গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Related News