NORTHEAST NOW (Assamese)

ফোন বাজি উঠা বাবে এজন লোকক গুলীয়াই হত্যা ইথিঅ’পিয়াত

May 30, 2020 10:28 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

এজন লোকক তেওঁৰ ম’বাইল ফোনটো বাজি উঠাৰ কাৰণে ইথিঅ’পিয়াত গুলীয়াই হত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছে।

বাতৰি মতে, এজন ইথিঅ’পিয়ান সেনাই বহুলোকৰ সন্মুখতে আৰিতি সুনুন্দে (৩২) নামৰ ব্যক্তিজনক গুলীয়াই হত্যা কৰে।

অৰ’ম’ লিবাৰেচন আৰ্মি নামৰ উগ্ৰপন্থী গোট এটাৰ বিৰুদ্ধে চলা অভিযানৰ সময়তে লোকজনক গুলীয়াই হত্যা কৰা হয়।

সেনাই অ’ৰ’মিয়াৰ এক ঠাইত এখন ৰাজহুৱা সভাৰ আহ্বান কৰিছিল আৰু তালৈ অহা লোকসকলৰ ম’বাইল ফোনসমূহ সংগ্ৰহ কৰিছিল।

কিন্তু তাৰ মাজতে আৰিতি নামৰ লোকজনৰ ম’বাইল ফোনটো বাজি উঠে।

সেনাই ফোন বজা লোকজনক চিনাকি দিবলৈ কয় আৰু লোকজন আগুৱাই আহে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে, তাৰ পিছতে লোকজনক গুলীয়াই হত্যা কৰা হয়।

ব্যক্তিজনৰ সৎকাৰ তৎকালে কৰিবলৈ সেনাই পৰিয়ালক নিৰ্দেশ দিয়ে।

Related News