NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ নাগ্ৰীজুলিত নিশা ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত দোকান

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা December 22, 2021 9:36 am
Assam

বাক্সাৰ নাগ্ৰীজুলিত মঙ্গলবাৰে নিশা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত ভস্মীভূত হয় এখন মনোহাৰী পাইকাৰী বিক্রেতাৰ দোকান।প্ৰায় ১২ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়।

নাগ্ৰীজুলি সাপ্তাহিক বজাৰত থকা দোকানখন নিশা প্ৰায় ১.৩০ বজাত জ্বলি উঠে। জুই জ্বলাৰ পিছত তীব্ৰ আতংকৰ সৃষ্টি হয় ৰাইজ আৰু ব্যৱসায়ী সকলৰ মাজত।

স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰায় ডেৰ ঘণ্টাৰ অন্তত জুই নিয়ন্ত্ৰনলৈ আনিবলৈ সক্ষম হয়। ফলত ভয়াবহ পৰিস্থিতিৰ পৰা ৰক্ষা পৰে ব্যৱসায়িক এলেকাটো।

অগ্নিকাণ্ডৰ ফলত মনোহাৰী দোকানখন জ্বলি সম্পূৰ্ণ চাই হৈ যায়।

ৰঙিয়া আৰু গোৰেশ্বৰৰ পৰা অগ্নিনিৰ্বাপাক বাহিনীৰ গাড়ী আহি জুই নুমোৱাত সহায় কৰে।

উল্লেখ্য যে দোকানখনত কোনো বিদ্যুৎ সংযোগ নাছিল। এনে অৱস্থাত দোকান খনত কেনেদৰে জুই লাগিল সেইয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

কোনো অসৎ লোকে দোকানত অগ্নি সংযোগ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে কিছু সংখ্যক লোকে।