NORTHEAST NOW (Assamese)

অধিৱেশনৰ মাজতে সংসদত আতংক! গেলেৰীৰ পৰা চেম্বাৰলৈ জাঁপ দিলে দুই ব্যক্তি, স্প্ৰে কৰিলে গেছ

December 13, 2023 2:54 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো সৌজন্যঃ এক্স ।

সংসদৰ গেলেৰীৰ পৰা কমেও দুজন লোক জপিয়াই চেম্বাৰত সোমাইছিল। আজি ২২ বছৰ পূৰ্বে পাকিস্তানী উগ্ৰপন্থীয়ে সংসদত আক্ৰমণ চলাইছিল। সেই বৰ্ষপূৰ্তিৰ দিনাই সংসদ ভৱনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে এই ঘটনাত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰত্যক্ষদৰ্শী সাংসদৰে দাবী কৰে যে দৰ্শকৰ গেলেৰীৰ পৰা কমেও দুজন লোকে সাংসদসকলৰ পিনে জপিয়াই পৰে। ইয়াৰ পিছত অনুপ্ৰৱেশকাৰীয়ে জোতাৰ পৰা কেনটো উলিয়াই স্প্ৰে’ কৰে। ভিডিঅ’টোত দেখা গৈছে যে সংসদত হালধীয়া ধোঁৱা বিয়পি পৰিছে।

এই ঘটনা সংঘটিত হোৱাৰ সময়ত লোকসভাৰ কার্যসূচী সংসদ টিভিত পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ আছিল। সেই মুহূৰ্তৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

লগতে পঢ়কঃ COP28 মঞ্চত ১২ বছৰীয়া কিশোৰী মণিপুৰৰ লিচিপ্ৰিয়া; কি কাণ্ড কৰিলে ‘ভাৰতীয়’ গ্ৰেটা থুনবাৰ্গে? (চাওক ভিডিঅ’)

দেখা গৈছে যে এজন যুৱকে সাংসদসকলৰ ডেস্কৰ কাষেৰে জপিয়াই অধিবেশন কক্ষৰ মাজভাগ পাইছেহি। কেইবাজনো সাংসদে তেওঁক কৰায়ত্ত কৰিবলৈ চাৰিওফালৰ পৰা ঘেৰি ধৰে। প্ৰথমতে তাত কোনো মাৰ্শ্বাল দেখা পোৱা নগ’ল। পিছত সাংসদসকলে এজন যুৱকক কৰায়ত্ত কৰে। পিছত মাৰ্শ্বালসকলে লোক দুজনক সভাকক্ষৰ পৰা উলিয়াই আনি দিল্লী আৰক্ষীক গতাই দিয়ে।

 এই কাণ্ডৰ সময়ত অনুপ্ৰৱেশকাৰীয়ে কিছু শ্লোগান দি আছিল। ইফালে আজি সংগসদ ভৱনৰ বাহিৰত হালধীয়া গেছ স্প্ৰে’ বতাহত উৰি থকা দেখা গৈছে। আৰক্ষীয়ে ধৃতসকলক থানালৈ লৈ গৈ জেৰা কৰিছে।

ইপিনে, এইসকল লোকক কোনে সংসদ ভৱনত প্ৰৱেশ কৰিবলৈ অনুমতি দিলে, আৰু নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি কেনেকৈ গেছ স্প্ৰে কেন লৈ সংসদ ভৱনত প্ৰৱেশ কৰিলে সেই প্ৰশ্ন উত্থাপন হৈছে।

সমগ্ৰ ঘটনাৰ সত্যতা মানি লৈছে দিল্লী আৰক্ষীয়ে। ধৃত দুয়োকে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানালৈ লৈ যায়। নিৰাপত্তা ভংগ সন্দৰ্ভত প্ৰাথমিক জেৰা চলি আছে। তেওঁলোকক কোনে প্ৰৱেশৰ সুবিধা দিলে তাৰো তদন্ত চলি আছে।

অধিবেশন হলৰ ভিতৰত জপিয়াই পৰা লোকসকলৰ আৰু সংসদ ভৱনৰ কোনো কৰ্মীৰ মাজত কোনো সম্পৰ্ক আছে নে নেকি তাৰো সন্ধান কৰা হৈছে। দিল্লী আৰক্ষীৰ বাহিৰেও একাধিক তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা কৰি থকা বুলি জানিব পৰা গৈছে। ইফালে এই সমগ্ৰ ঘটনাত কোনো সাংসদ আহত বা অসুস্থ হোৱা নাই বুলি জানিব পৰা গৈছে।

শেহতীয়া এক খৱৰ মতে সংসদত আক্ৰমণকাৰীসকল বিজেপি সাংসদৰ অতিথি! জানিব পৰা মতে, অচিনাক্ত ব্যক্তি দুজন মহীশূৰৰ বিজেপিৰ সাংসদ প্ৰতাপ সিনহাৰ অতিথি। 

Related News