NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত প্ৰাক্তন আলফাৰ সভা, উপস্থিত থাকিব অনুপ চেতিয়াকে ধৰি শীৰ্ষ নেতৃত্ব

Posted by: নীলমণি শৰ্মা September 21, 2018 6:28 pm
anup

কৃষ্ণাইৰ হাবৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত অহা ২৩ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব গোৱালপাৰা জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ এখন সাধাৰণ সভা।

পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা সভাখনত উপস্থিত থাকিবলৈ জিলাখনৰ সকলো প্ৰাক্তন আলফাকে আহ্বান জনোৱা হৈছে।

‘মূলতঃ জিলাখনৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা প্ৰাক্তন আলফা সদস্যসকলৰ ব্যক্তিগত আৰু জাতীয় সমস্যাসমূহ ঐক্যবদ্ধভাৱে সমাধানৰ বিষয়ে আলোচনাৰ উদ্দেশ্যৰে সভাখন আহ্বান কৰা হৈছে,’ এক বিবৃতিৰ জৰিয়তে নৰ্থ ইষ্ট নাও-ক জনাইছে সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সচ্চিদানন্দ তাৰা, কাৰ্যকৰী সভাপতি জয়ন্ত ৰয় আৰু সাধাৰণ সম্পাদক কুমুদ দাসে।

সভাখনত আলফাৰ অনুপ চেতিয়া, মৃণাল হাজৰিকা,কল্পজ্যোতি নেওগ, লোহিত দেউৰীকে ধৰি বহুকেইজন নেতা উপস্থিত থাকিব।