NORTHEAST NOW (Assamese)
দেশ

ফাকুৱাৰ আনন্দৰ মাজতে মৰ্মান্তিক ঘটনা : নাচি থকাৰ সময়ত মূৰত ডিজে বক্স পৰি নাবালকৰ মৃত্যু

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 27, 2024 4:03 pm
ফাকুৱাৰ আনন্দৰ মাজতে মৰ্মান্তিক ঘটনা : নাচি থকাৰ সময়ত মূৰত ডিজে বক্স পৰি নাবালকৰ মৃত্যু

ফাকুৱাৰ মাজতে সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা। দৌল উৎসৱ উপলক্ষে এটা অনুষ্ঠানলৈ গৈছিল এটি ছবছৰীয়া নাবালক। সেয়াই যেন কাল হ’ল শিশুটিৰ।

ফাকুৱাৰ আনন্দত নাচি থকা অৱস্থাতে ডিজে স্পীকাৰ বক্স মূৰত পৰি মৃত্যু হয় শিশুটিৰ। 

সোমবাৰে ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ চক্ৰধৰপুৰ অঞ্চলত সংঘটিত হয় এই ঘটনা। 

জানিব পৰা মৃত শিশুটিৰ নাম বিষ্ণু লোহাৰ।

আৰক্ষীৰ মতে, বিষ্ণুৱে এই অনুষ্ঠানত নাচি আছিল। ওচৰতে এটা গধুৰ ডিজে স্পীকাৰ বক্স আছিল। হঠাৎ স্পীকাৰ বক্সটো বিষ্ণুৰ মূৰত পৰি যায়। মূৰত গুৰুতৰভাৱে আঘাত পাইছিল বিষ্ণুৱে। লগে লগে বিষ্ণুক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে বিষ্ণুক মৃত ঘোষণা কৰে।

স্থানীয় থানাত নাবালকৰ আকস্মিক মৃত্যুৰ এজাহাৰ দাখিল কৰা হৈছে। চক্ৰধৰপুৰ থানাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।