NORTHEAST NOW (Assamese)

বোকাখাতত চিকিৎসালয়ৰ সমীপতে উদ্ধাৰ নৱজাতক শিশু

August 25, 2019 8:22 am · উত্তম শইকীয়া
Updated: August 25, 2019 8:24 am

মানৱ সভ্যতাক লজ্জানত কৰি বোকাখাতৰ চহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ সমীপতে থকা এখন ফিল্ডত যোৱা নিশা এটি নৱজাতক শিশু উদ্ধাৰ হয়।

জানিব পৰা মতে মাজনিশা অসামৰিক চিকিৎসালয়খনত থকা ৰোগীৰ আত্মীয়ই নৱজাতক সন্তানটি প্ৰত্যক্ষ কৰি কৰ্তব্যৰত নাৰ্চক খবৰ দিয়ে। লগতে আৰক্ষীকো এই সন্দৰ্ভত খবৰ দিয়ে।

বোকাখাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হোৱাত তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ নৱজাতক শিশুটি উদ্ধাৰ কৰি চিকিৎসালয়ত ৰখাৰ ব্যৱস্থা কৰে।

প্ৰায় ২.৮ গ্ৰামৰ ওজনৰ নৱজাতক শিশুটি সম্প্ৰতি সম্পূৰ্ণ সুস্থ অৱস্থাতে বোকাখাত অসামৰিক চিকৎসালয়তে থকা বুলি চিকিৎসকে জনাইছে।

কোনো অজ্ঞাত লোকে মাজনিশা পেলাই থৈ যায় নৱজাতক শিশুটিক। অবৈধ মাতৃত্বৰ কলংক ঢাকিবৰ বাবেই কোনো নিৰ্দয়া মাতৃয়ে এনে দুষ্কাৰ্য কৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।

ইফালে এনেদৰে চিকিৎসালয়খনৰ সমীপতে নৱজাতক শিশু উদ্ধাৰৰ ঘটনাই সমগ্ৰ বোকাখাততেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Related News