NORTHEAST NOW (Assamese)

চামতাত ‍‘NEWS FIRST-অসম‍’ নামেৰে প্ৰথমটো নিউজ প’ৰ্টেলৰ শুভাৰম্ভ

August 16, 2020 10:08 pm · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দৰে এক পৱিত্ৰ দিনত চামতাৰ পৰা “NEWS FIRST-অসম” নামেৰে এটি প’ৰ্টেল নিউজ চেনেল প্ৰথম বাৰৰ বাবে শুভাৰম্ভ কৰে।

চামতা বালিপথাৰস্থ চেনেলটিৰ কাৰ্যালয়ত কালি স্বাধীনতা দিৱস পালন কৰাৰ লগতে এক মাংগলিক কাৰ্য্যসূচীৰে ক’ৰ’না সংকটৰ বাবে অনুস্তুপীয়াকৈ চেনেলটিৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠান সম্পন্ন হয়।

দিনৰ ১২বজাত ফিটা কাটি শুভ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনে।

উদ্বোধনী ভাষন তথা সাংবাদিকক সম্বোধন কৰি দিয়া ভাষণত তেওঁ কয়, ‍‘বৰ্তমান বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ উন্নতি আৰু সংবাদ মাধ্যম বা সামাজিক প্ৰচাৰ মাধ্যমৰ প্ৰয়োজনীয়তা, দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি চেনেলটিৰ আত্মপ্ৰকাশ হৈছে’।

উদ্বোধক বৰ্মনে আৰু কয় যে অঞ্চলটিৰ কেইগৰাকীমান শিক্ষিত সমাজ সচেতক, উদ্যেগী যুৱক, সংবাদ সেৱীয়ে সংবাদ মাধ্যমৰ লক্ষ্য-উদ্দেশ্যৰে আগবাঢ়ি সমাজ তথা দেশ-জাতিৰ বাবে সেৱাৰ বাবে আগবাঢ়ি আহিছে।

বৰ্মনে কম্পিউটাৰৰ চুইটছ ক্লিক কৰি চেনেলটিৰ এটি নিউজৰ শুভাৰম্ভ কৰে।

শুভাৰম্ভণি অনুষ্ঠানত চেনেলটিৰ বিষয়-ববীয়া বিপল দত্ত, মুনিন্দ্ৰ বৰ্মন, সঞ্জীৱ চৌধুৰী, ৰাজীৱ চৌধুৰী, মনোমহন শৰ্মা, মিজানুৰ আলম আদিৰ লগতে চামতা অঞ্চলৰ লগতে জিলাখনৰ  বিভিন্ন ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তি, সংবাদ সেৱী আদি উপস্থিত থাকে।

Related News