NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ শিথিলতাৰ মাজতে আজি কাৰ্যালয়লৈ উভতিল একাংশ চৰকাৰী কৰ্মচাৰী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 21, 2020 12:47 pm
WhatsApp Image 2020-04-21 at 12.02.47 PM

আজিৰে পৰা কিছু পৰিমানে শিথিল কৰি দিয়া লকডাউনৰ মাজতে ৰাজ্যত চৰকাৰী কাৰ্যালয়লৈ উভতিল বিষয়া-কৰ্মচাৰী।

লকডাউনৰ মাজতে আজিৰে পৰা চৰকাৰী কাৰ্যালয়লৈ আহিবলৈ নির্দেশ দিয়া হৈছিল বিষয়া কৰ্মচাৰীসকলক।

সেই অনুসৰি পুৱাৰ পৰা ৰাজ্যিক সচিবালয়লৈ আহিল এতকাংশ বিষয়া-কৰ্মচাৰী।

নিৰ্দেশনা অনুসৰি, আজিৰে পৰা ৩৩ শতাংশ কৰ্মচাৰীৰে চলিব অসম সচিবালয়।

সেইদৰে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰে কাৰ্য্যালয়সমূহ আজিৰে পৰা মুকলি হৈছে যদিও সামাজিক দূৰত্ব মানি সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্য্যালয় চলোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।

আজি সচিবালয়ৰ সন্মুখত বিষয়া কৰ্মচাৰীক হেণ্ড ৱাছেৰে হাত ধোওৱাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰিহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। ইয়াৰ লগতে প্ৰত্যেক গৰাকী বিষয়া-কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰি সচিবালয়ত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গ’ল।

ইপিনে জৰুৰীকালীন বাহন সমূহক বাদ দি লকডাউন ভংগ কৰি ওলাই অহা যান-বাহনৰ বিৰুদ্ধে আজিৰ দিনটোতো কঠোৰ হোৱা দেখা গ’ল আৰক্ষীক।

আজিৰ দিনটোতো লকডাউনৰ নিয়ম নামানি বিভিন্ন আজুহাতৰে ওলাই অহা বহু লোকৰ বাহন জব্দ কৰে দিছপুৰ আৰক্ষীয়ে।