NORTHEAST NOW (Assamese)
অসম

ইউনিফৰ্ম চিভিল কোডৰ পৰা ৰেহাই দিয়া হ’ব অসমৰ জনজাতিসকলক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2024 11:09 am

উত্তৰ-পূব ৰাজ্য অসমৰ জনজাতিসকলক ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ আওতাৰ পৰা ৰেহাই দিয়া হ’ব।

এই কথা দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অসম ভাৰতৰ ভিতৰতে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) ৰূপায়ণ কৰা তৃতীয়খন ৰাজ্য হ’ব।

লগতে পঢ়কঃ গোৱাৰ হোটেলৰ সূচানাৰ কোঠাৰ পৰা পত্ৰ উদ্ধাৰ আৰক্ষীৰ; মুকলি হ’বনে সকলো জটিল ৰহস্য?

অৱশ্যে সংশোধনেৰে তেনে কৰা হ’ব আৰু জনজাতীয় সম্প্ৰদায়ক ৰেহাই দিব বুলিও তেওঁ কয়।

‘অসমত জনজাতীয় সম্প্ৰদায়ক ইউচিচিৰ পৰিসৰৰ পৰা ৰেহাই দিয়া হ’ব।’- এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লক্ষ্যণীয়ভাৱে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ১২.৪৫% জনজাতীয় লোক৷

লগতে পঢ়কঃধৰ্ম সংকট! ৰাম মন্দিৰৰ উদ্বোধন বৰ্জন ৪ শংকৰাচাৰ্যৰ

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা মাহত বিধানসভাৰ অধিৱেশনৰ সময়ত ৰাজ্য চৰকাৰে বহুবিবাহৰ বিৰুদ্ধে বিধেয়ক উত্থাপন কৰিব।