NORTHEAST NOW (Assamese)
Popular Stories

২০২১ বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ’ব বিশেষ টেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2020 1:08 pm

ৰাজ্যৰ শিক্ষিত নিৱনুৱা যৱক-যুৱতীৰ বাবে আহিছে এটা আশাৰ খবৰ। ২০২১ বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ’ব বিশেষ টেট।

১২,০০০ পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব বুলি বৃহস্পতিবাৰে টেট সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিয়ে জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ত সমিতিখনে আয়োজন কৰা এখন সংবাদমেলত অতি শীঘ্ৰে এই সম্পৰ্কত বিজ্ঞাপন জাৰি কৰা হ’ব বুলি কয়।

এখন স্থানীয় বাতৰি কাকতৰ মতে সৰ্বশিক্ষাৰ সাত প্ৰকাৰৰ শিক্ষক আৰু শিক্ষা কৰ্মীৰ বাবে এই বিশেষ টেট অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে।

উল্লেখ্য যে, বিগত দিনসমূহত ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদৰ জৰিয়তে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছিল।

এতিয়া ১২০০০ পদত হ’বলগীয়া এই বিশেষ টেট পৰীক্ষাই নিশ্চিতভাৱে এই সকল শিক্ষকক যথেষ্ট পৰিমানে সকাহ প্ৰদান কৰিব।