NORTHEAST NOW (Assamese)

চৰ্চাত গ্ৰন্থ! এখন প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

October 3, 2022 11:39 am · এন ই নাও নিউজ, গুৱাহাটী

পূজাৰ এই উলহ-মালহৰ মাজত বাটে বাটে হাতত প্লে কাৰ্ড লৈ এজাক ছাত্ৰ-ছাত্ৰী। সংগ দিছে শিক্ষক তথা অভিভাৱকে। ‘গ্ৰন্থ দান মহান দান’ শ্ল’গানেৰে ছাত্ৰ-ছাত্ৰীসকলে শোভাযাত্ৰা কৰিছে।

টীয়কৰ ৩২৮ নং মুদৈজান ভৰলুৱা প্ৰাথমিক বিদ্যালয়ে দেওবাৰে বিদ্যালয়খনৰ পুথিভঁৰাল ‘জোনাকী কাৰেং’ৰ একবিংশম প্ৰতিষ্ঠা দিৱস এইদৰে উদযাপন কৰিছে।

লগতে পঢ়ক: কলংকৰ দাগ! বৰ্ষাপাৰা ষ্টেডিয়ামত সাপ, নুমাল ফ্লাডলাইট; ২৩ মিনিট বন্ধ ৰাখিবলগীয়া হ’ল খেল

উল্লেখযোগ্য যে আজিৰ পৰা কুৰি বছৰ পূৰ্বে বিদ্যালয়খনত এই পুথিভঁৰালটি শিক্ষক-কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক তথা স্থানীয় ৰাইজৰ সহযোগত স্থাপন কৰা হৈছিল।

এই পুথিভঁৰালটিয়ে সমগ্ৰ অঞ্চলতে সকলোকে গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰি এক সুকীয়া পৰিবেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে যি পৰিবেশে উঠি অহা প্ৰজন্মক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

Related News