NORTHEAST NOW (Assamese)

ইজৰাইলক অস্ত্ৰ যোগানৰ বিৰোধিতা; আমেৰিকাৰ শীৰ্ষ বিষয়াৰ পদত্যাগ

October 19, 2023 10:52 am · এন ই নাও নিউজ, গুৱাহাটী
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। ফটোঃ সংগ্ৰহীত।

ইজৰাইলক দিয়া মাৰাত্মক অস্ত্ৰ সাহায্যক লৈ ক্ষোভিত হৈ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই পদত্যাগ কৰিছে। তেওঁৰ নাম জোছ পল। তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজনৈতিক-সামৰিক বিষয়ৰ সঞ্চালক।

জোছ পলে তেওঁৰ পদত্যাগ পত্ৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। ইয়াত তেওঁ ইজৰাইলক মাৰাত্মক অস্ত্ৰ যোগানেৰে আমেৰিকাই সমৰ্থন অব্যাহত ৰখাক লৈ তেওঁৰ মতানৈক্যক তেওঁৰ পদত্যাগৰ কাৰণ বুলি উল্লেখ কৰিছে।

লগতে পঢ়কঃ ছোনিয়া গান্ধীক ‘’ধাক্কা মাৰি‘’ ইটালীলৈ পঠাব লাগে; বিজেপি নেত্ৰী ৰেনুকা সিঙৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

জোছ পলে কয়, ‘মোৰ আশংকা যে আমি বিগত দশকবোৰৰ একেবোৰ ভুলৰ পুনৰাবৃত্তি কৰি আছো। গতিকে বহু দিনলৈ ইয়াৰ অংশ হ’বলৈ মই অনিচ্ছুক।”

জোছ পলে আমেৰিকাৰ বাবে অস্ত্ৰ হস্তান্তৰ প্ৰক্ৰিয়াৰ কাম কৰে। তেওঁ কয় যে তেওঁ আৰু এক পক্ষলৈ অধিক অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহ কৰাটো সমৰ্থন কৰিব নোৱাৰে।

সেয়ে, যিয়েই যি নকৰক কিয় মানৱ অধিকাৰৰ গুৰুতৰ উলংঘাৰ কথা স্পষ্টভাৱে তুলি ধৰাটো আমাৰেই দায়িত্ব বুলিও তেওঁ কয়।

লগতে পঢ়কঃ গাজাত বোমাবৰ্ষণ বন্ধ কৰিলে মুকলি কৰা হ’ব সকলো পণবন্দীক: প্ৰস্তাৱ হামাছৰ

উল্লেখ্য যে আমেৰিকাই প্ৰতি বছৰে ইজৰাইলক ৩.৮ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক সামৰিক সাহায্য প্ৰদান কৰে।

Related News