NORTHEAST NOW (Assamese)

টীয়কৰ এফ আৰ ইউ চিকিৎসালয়ত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল্যায়নকাৰী দল

March 14, 2022 2:17 pm · এন ই নাও নিউজ, টীয়ক
ফটো: নৰ্থইষ্ট নাও।

যোৰহাট জিলাৰ টীয়কৰ একমাত্ৰ চিকিৎসালয় টীয়ক এফ আৰ ইউত আজি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ এটি দল উপস্থিত হয়। উক্ত দলটোৱে লক্ষ্য প্ৰকল্পৰ অধীনত মূলত: প্ৰসূতিসকলে চিকিৎসালয়খনত কি কি সা-সুবিধা লাভ কৰিছে সেই সম্পৰ্কে চোৱাচিতা কৰি মূল্যায়নৰ ব্যৱস্থা কৰিব।

উল্লেখযোগ্য যে এই মূল্যায়ন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত অসমৰ নগাঁৱৰ ভোগেশ্বৰী সোঁৱৰণি অসামৰিক চিকিৎসালয়, তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয় আৰু যোৰহাট জিলাৰ টীয়ক এফ আৰ ইউ মূল্যায়নৰ বাবে নিৰ্বাচিত হৈছে।

মূল্যায়নৰ দলটোত আছে ডাঃ ভি এন ব্যাস আৰু ডাঃ সুনিতা পালিৱান। ইপিনে দলটোৰ মূল্যায়নৰ পাছতে চিকিৎসালয়খনে অধিক সা-সুবিধা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

লগতে পঢ়ক: ডিব্ৰুগড়ত গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা অসম আৰক্ষী কনিষ্টবলৰ

টীয়ক এফ আৰ ইউৰ ভাৰপ্ৰাপ্ত উপ অধীক্ষক ডা: দুলুমণি কলিতাৰ নেতৃত্বত ইতিমধ্যে সজাই পৰাই তুলিছে চিকিৎসালয়খনৰ চৌহদ।

এই মূল্যায়নে অনাগত দিনত চিকিৎসালয়খনৰ আভ্যন্তৰীণ উন্নয়নৰ ক্ষেত্ৰত বিশেষ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। 

Related News