NORTHEAST NOW (Assamese)

পাৰ্কলৈ টানি নি কিশোৰীক যৌন নিৰ্যাতন কৰি বিবস্ত্ৰা অৱস্থাত ফ’টো তুলি গ্ৰেপ্তাৰ হ’ল এজন মাতাল ব্যক্তি

August 25, 2020 6:43 pm · এন ই নাও নিউজ
Updated: August 25, 2020 6:49 pm
প্ৰতিকী ছবি

ৰাজধানী দিল্লীৰ ৰাজৌৰি পাৰ্কত এগৰাকী ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এজন ৪২ বছৰীয়া ব্যক্তি।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি কিশোৰী গৰাকীয়ে ৮ বছৰীয়া ভাতৃৰ সৈতে ৰাজৌৰিৰ পাৰ্কৰ বাছ ষ্টপেজত এটা ডেলিভাৰী সংগ্ৰহ কৰিবলৈ ৰৈ আছিল।

তেনেতে নীৰজ কৌহলী নামৰ লোকজনে কিশোৰী গৰাকীৰ ভাতৃক পাৰ্কৰ ভিতৰলৈ টানি নিয়ে। কিশোৰী গৰাকীয়ে ভাতৃক টানি নিয়াৰ পৰা বচাবলৈ চেষ্টা কৰোতে তাইক ধৰ্ষণৰ ভাবুকি প্ৰদান কৰে নীৰজ কোহলীয়ে।

ভাতৃক বচাবলৈ পাৰ্কৰ ভিতৰলৈ কিশোৰী গৰাকী সোমাই যোৱাৰ লগে লগে নীৰজে কোহলী নামৰ লোকজনে যৌন নিৰ্যাতন চলায় কিশোৰী গৰাকীৰ ওপৰত। ইমানে ক্ষান্ত নেথাকি কিশোৰী গৰাকীক জোৰ কৈ নগ্ন কৰি মোবাইলেৰে ফ’টোও তোলে।

নীৰজৰ কৱলৰ পাৰ কিশোৰী গৰাকীয়ে পলাই গৈ নিজ গৃহ উপস্থিত হৈ পিতৃ-মাতৃক সমস্ত ঘটনা বিৱৰি কয়।

কিশোৰী গৰাকীৰ পিতৃ-মাতৃয়ে ততালিকে সমীপৰ আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰে।

উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে উক্ত পাৰ্কখনৰ পৰাই নীৰজ কোহলীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি নীৰজ নামৰ লোকজন এটা মৰাপাট কাৰখানৰ মালিক। লোকজন দিন ৰাতি অত্যধিক হাৰত মদ্যপান কৰি নিচাগ্ৰস্ত অৱস্থাত থাকে বুলিও আৰক্ষীয়ে জানিব পাৰিছে।

ইফালে নীৰজ নামৰ লোকজনৰ কাৰখানাৰ সমীপতে কিশোৰী গৰাকীৰ পিতৃৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে।

আৰক্ষীৰ মতে নীৰজে বহু দিনৰ পৰাই নিজৰ কামনা চাৰিতাৰ্থ কৰিবলৈ কিশোৰী গৰাকীৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰি আহিছিল।

কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে এটা স্বেচ্ছাসেৱীৰ সংস্থাৰ ওচৰত কাউন্সিলঙৰো ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related News