NORTHEAST NOW (Assamese)
অসম

মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিও সাধুৰূপী এগৰাকী কিন্নৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 23, 2019 8:40 pm
Kinnor Photo

মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিও সন্যাসী হৈছে দিল্লীৰ এগৰাকী বিশেষ কিন্নৰ। কামাখ্যা ধামত নতুনকৈ আৰম্ভ হোৱা ‘কিন্নয় আখৰা’ৰ তেওঁ এগৰাকী অন্যতম কিন্নৰ। চাকৰি কৰাৰ অদম্য হেঁপাহ কিন্নৰ গৰাকীৰ, কিন্তু তেওঁ পুংলিংগ অথবা স্ত্ৰী লিংগ কোনো এটা শাৰীতে নপৰাৰ বাবে মনৰ হেঁপাহ মনতে পুহি ৰাখিবলগীয়া হৈছে।

তেওঁৰ নাম প্ৰাচাল সিং(২৭) আৰু তেওঁৰ ঘৰ দিল্লীত। সৰুৰে পৰা অৰ্থ্যাৎ ৫ বছৰ বয়সৰ পৰা  কিন্নৰ মা ভবানীৰ তত্বাৱধানত থাকি পঢ়া শুনা কৰিছিল।  মুম্বাইৰ Dilcab college of engineering Institute ৰ পৰা ২০১৪ চনতে ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰিছিল প্ৰাচালে।

বৰ্তমান প্ৰাচালে কোনো ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰাৰ সুবিধা পালে নিশ্চয়কৈ সেই চাকৰিত যোগদান কৰিব বুলি উল্লেখ কৰে।

ইপিনে, কিন্নৰ আখৰাৰ প্ৰতিষ্ঠাপক মা ভবানী নাথ বাল্মিকীয়ে প্ৰাচালক বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি পত্ৰত লিংগত পুৰুষ বুলি উল্লেখ কৰি সৰুৰে পৰাই পঢ়াইছিল। ২০১৪ চনলৈকে প্ৰাচালৰ পৰিচয় ‘পুৰুষ’ আছিল। তাৰ পাছৰে পৰা কিন্নৰ হ’ল প্ৰাচাল।

‘’কিন্নৰ লিংগৰ অধিকাৰ প্ৰাচালে ২০১৪ তহে লাভ কৰিছিল। তাৰ আগতে মই প্ৰাচালক পুৰুষ বনাই চুলি কাটি বিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্তি কৰাইছিলো। সমগ্ৰ শিক্ষা পুৰুষ পৰিচয়ৰেই লৈছিল প্ৰাচালে,’‘-এইদৰে কয় মা ভৱানীয়ে।

তেওঁ চৰকাৰৰ প্ৰতি অনুৰোধ জনাই কয়, ‘’শিক্ষা ব্যৱস্থাত পুৰুষ-মহিলাৰ দৰে তৃতীয় লিংগৰ ভাগটোও ৰাখিব লাগে, যাতে পৰীক্ষাৰ ফলাফলৰ পাছত লাভ কৰা প্ৰমাণ-পত্ৰত তেওঁৰ লিংগ তৃতীয় লিংগ হিচাপে আহে। যদি চাকৰিৰ বাবে এওঁক পঠাও তেতিয়া পুৰুষ হিচাপে চাকৰি দিব নেকি? এওঁটো পুৰুষ নহয়।‘’

ইপিনে, কিন্নৰ সমাজৰ দুৰ্দশাৰ বিষয়ে তেওঁ উল্লেখ কৰি কয়, ‘‘যিটো বস্তুৰ পৰা লাভ হয়, সেইটো সমাজৰ মানুহে ৰাখে। এগৰাকী গাই গৰুৱে যেতিয়ালৈকে গাখীৰ দিয়ে তেতিয়ালৈকে ৰাখে, তাৰ পাছত লাথ মাৰি দিয়ে। আমাৰ নিচিনা সন্তানবোৰে বিয়া পাতিব নোৱাৰে, বিয়া হ’ব নোৱাৰে, চাকৰি নিমিলে, সন্তান জন্ম দিব নোৱাৰে। ফ্ৰীতে কোনে কিমান দিনলৈ খোৱাব? আমাৰ নিচিনা মানুহক পঢ়াই কি লাভ?’’

উল্লেখ্য যে, মা-ভৱানীয়ে আম আদমী পাৰ্টীৰ হৈ ৫২ নং এলাহবাদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও তেওঁ জয়ী হ’ব পৰা নাছিল। লগতে ২১ জুনৰ পৰা ২৫ জুনলৈকে নিৰ্জলা ব্ৰতত থাকি তেওঁ যাগযজ্ঞ কৰি আছে। বৰ্তমান ৫০ ৰো অধিক কিন্নৰ ‘কিন্নৰ আখড়া’ত আছে বুলিও তেওঁ জানিবলৈ দিয়ে।