NORTHEAST NOW (Assamese)

কাজিৰঙাৰ বাগৰিত গৃহবন্দী ঢেকীয়াপতীয়া বাঘ : চেতনা নাশক প্ৰয়োগ কৰি উদ্ধাৰ

July 15, 2020 8:25 pm · উত্তম শইকীয়া
Updated: July 15, 2020 8:26 pm

দুটা দিনৰ শ্বাসৰুদ্ধকাৰী পৰিবেশৰ শেষত আজি কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ সমীপৰ বাঘমাৰী অঞ্চলৰ প্ৰবীণ বৰা নামৰ লোক জনৰ বাসগৃহত আশ্ৰয় লোৱা এজনী ঢেকীয়াপতীয়া বাঘক সফলতাৰে উদ্ধাৰ কৰা হয়৷

বুধবাৰৰ পৰা বাঘমাৰীৰ এটা ঘৰাত প্ৰৱেশ কৰিছিল এজনী ঢেকীয়াপতীয়া বাঘে৷ যাৰবাবে উক্ত ঘৰটোৰ পৰা বাঘজনীক উলিয়াবলৈ অহৰহ প্ৰচেষ্টা চলাইছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

বুধবাৰৰ দিনা সন্ধিয়ালৈ ওলায় যাব বুলি ভৱা হৈছিল যদিও বানপানীৰ মাজত আৱদ্ধ হৈ থকা বাঘিনীয়ে নিশাটোও উক্ত ঘৰতে থকাৰ বাবে আজি চেতনা নাশক প্ৰয়োগ কৰি বাঘিনীক কৰায়ত্ব কৰা হয়৷

আজি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ চামচুল আলীৰ নেতৃত্বত যোৱা উদ্ধাৰকাৰী দলে স্থানীয় লোক আৰু বনকৰ্মীৰ সহযোগত অতি সফলতাৰে বাঘজনীৰ শৰীৰত চেতনা নাশক প্ৰয়োগ কৰি কৰায়ত্ব কৰে৷

চেতনা নাশক প্ৰয়োগ কৰে ডাঃ চামচুল আলীয়ে৷ কৰায়ত্ব কৰাৰ পাচত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যোৱা হয়৷

সম্প্ৰতি কাজিৰঙাৰ এই কেন্দ্ৰতে পৰ্যবেক্ষণত ৰখা হৈছে ঢেকীয়াপতীয়া বাঘজনীক৷ বাঘজনী এতিয়া সম্পুৰ্ণ বিপদ মুক্ত বুলি জনাইছে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে৷

বাঘজনীক সফলতাৰে কৰায়ত্ব কৰাৰ বাবে স্থানীয় লোক কলিয়াবৰ মহকুমা প্ৰশাসন, আৰক্ষী বনকৰ্মী আৰু পশুচিকিৎসকৰ দলক ধন্যবাদ জ্ঞাপন কৰিছে সঞ্চালক গৰাকীয়ে৷

Related News