NORTHEAST NOW (Assamese)

বাছেৰে অসমত প্ৰৱেশ কৰা ১৩ গৰাকী ৰহিংগিয়াক আটক আৰক্ষীৰ

December 23, 2020 11:03 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

মঙলবাৰে নিশা কৰিমগঞ্জ জিলাত পুনৰ ১৩ গৰাকীকৈ ৰহিংগিয়াক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে।

এই অবৈধ বিদেশী কেইজনে ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়তেই অসম আৰক্ষীৰ এটা দলে আটক কৰিবলৈ সক্ষম হয়।

সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আটক হোৱা ৰহিংগিয়াৰ এই দলটোত মহিলাকে ধৰি শিশুও আছে। দলটোৱে প্ৰায় ৪,০০০ ভাৰতীয় আৰু বাংলাদেশী টকা লগত লৈ ঘূৰি ফুৰিছিল।

আৰক্ষীৰ তালাচীত বিদেশী নাগৰিক কেইজনৰ পৰা ভুৱা বাংলাদেশী আধাৰ কাৰ্য জব্দ হোৱা বুলিও জানিব পৰা গৈছে।

প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা অনুসৰি দালালৰ সহায়ত ৰহিংগিয়াৰ এই দলটোৱে বাংলাদেশৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত প্ৰৱেশ কৰিছিল।

আৰু ইয়াৰ পিছত এই দলটোৱে এখন বাছৰ সহায়ত অসমলৈ অহা বুলি জানিব পৰা যায়।

উল্লেখ্য যে এইদৰে অবৈধভাৱে অসমত প্ৰৱেশ কৰা ৰহিংগিয়া বা বাংলাদেশী নাগৰিকৰ সময়ে সময়ে গ্ৰেপ্তাৰ হৈ থকা ঘটনাই সীমান্তৰ সুৰক্ষাৰ দিশটোৰ ফোপোলা স্বৰূপকেই উদঙাই দিছে।

ইফালে অবৈধ বাংলাদেশীয়ে জুৰুলা কৰা অসমত এইদৰে আন এখন দেশৰ অবৈধ নাগৰিকে বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসনক।

Related News