NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ৰ যোৰ পুখুৰীত প্ৰায় ১০০ বছৰীয়া এটা কাছৰ মৃত্যু

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 28, 2020 2:18 pm
মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ৰ যোৰ পুখুৰীত প্ৰায় ১০০ বছৰীয়া এটা কাছৰ মৃত্যু

গুৱাহাটীৰ উগ্ৰাতৰা দেৱালয়ৰ পুখুৰীত আজি এটা কাছৰ মৃত্যু হয়। পুৱা দেৱালয়ৰ সমীপত থকা ৰজা দিনীয়া যোৰ পুখুৰীত মন্দিৰ কৰ্তৃপক্ষই কাছটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

কাছটোৰ এই অস্বাভাৱিক মৃত্যু খাদ্যৰ অভাৱৰ ফলতেই হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে দেৱালয়ৰ দলৈ পৰমেশ্বৰ দেৱ শৰ্মাই। ইফালে এই মৃত্যু সন্দৰ্ভত কাছ বিশেষজ্ঞ জয়দিত্য পুৰকায়স্থক অৱগত কৰা হৈছে বুলিও জনায়।

কাছটোৰ মৃত্যু সন্দৰ্ভত বিশেষজ্ঞ পুৰকায়স্থৰ পৰা জানিব বিচৰাত তেওঁ আমাক ফোনযোগে জানিবলৈ দি কয়, ‍‍‘খাদ্যৰ অভাৱৰ লগতে বয়সৰ বাবে কাছটোৰ মৃত্যু হৈছে’।

তেওঁ লগতে ৰাজ্য চৰকাৰক অনুৰোধ জনাই কয় যে দেৱালয়ত কাছৰ প্ৰজননৰ বাবে কংক্ৰিতৰ পাৰ সমূহ ভাঙি দিব লাগে যাতে কাছ সমূহ পাৰলৈ উঠি অহাত সুবিধা হয়। কাছই কণী পৰা সময়ত পাৰলৈ উঠি আহে কিন্তু বহু সময়ত কংক্ৰিতৰ পাৰৰ বাবে আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে ক’ৰ’না প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনৰ ফলত দেৱালয়ত থকা জীৱকুল খাদ্যৰ সংকটত ভুগিছে বুলি জনালে দলৈ দেৱ শৰ্মাই। তেওঁ লগতে দেৱালয়ত থকা ৰাজহাহ সমূহক পৰ্যাপ্ত পৰিমানে খাদ্য যোগান ধৰিব নোৱাৰা আৰু জীৱ কুলৰ বাবে প্ৰয়োজনীয় ঔষধো যোগান ধৰিব পৰা নাই বুলি মন্তব্য কৰে।