NORTHEAST NOW (Assamese)
অসম

শিবিৰত কষ্ট পোৱাৰ বাবেই পলাই আহি আত্মসমৰ্পণ আলফা (স্বা) সদস্যৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 11, 2019 8:46 am

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত আজি এজন আলফা (স্বা)ৰ সদস্যই চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

আত্মসমৰ্পণ কৰা আলফা (স্বা)ৰ সদস্যজনক সোণাৰিৰ হাওফাও গাঁৱৰ বাসিন্দা সোণেশ্বৰ গগৈৰ পুত্ৰ বিমান গগৈ ওৰফে জিৎ অসম বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং হাওফাও গাঁৱৰ বাসিন্দা প্ৰাক্তন সেনা জোৱান টেপুৰাম গগৈৰ ঘৰত পুৱা আলফা(স্বাধীন)ৰ সদস্য জিৎ অসমে ভাত খাবলৈ বিচাৰে আৰু ভাত খাই জিৎ অসমে টেপুৰাম গগৈৰ বাৰীৰ বাঁহনিত লুকাই আছিল।

সেই সময়তে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত আলফা (স্বা)ৰ সদস্য জিৎ অসমে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

উল্লেখযোগ্য যে প্ৰায়  এক বছৰৰ পূৰ্বে আলফাত যোগদান কৰা জিৎ অসমক সোণাৰি আৰক্ষী থানাত জিলাখনৰ শীৰ্ষ বিষয়া সকলে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে আত্মসমৰ্পণকাৰী আলফা (স্বা) সদস্য জিৎ অসমে আলফা শিবিৰত কষ্ট পোৱাৰ বাবেই শিবিৰৰ পৰা পলাই আহি আত্মসমৰ্পণ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।