NORTHEAST NOW (Assamese)

আলফা (স্বাধীন)ত যোগদান কৰাৰ মুকলি ঘোষণা এগৰাকী যুৱকৰ; টুইটাৰযোগে কৰিলে ঘোষণা

October 28, 2021 4:03 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: October 28, 2021 4:05 pm
মানস বৰগোঁহাই।

Norteast Now Exclusive টুইটাৰযোগে মুকলিভাৱে আলফা (স্বাধীন)ত যোগদান কৰাৰ কথা ঘোষণা কৰিছে এগৰাকী যুৱকে।

বৃহস্পতিবাৰে মানস বৰগোহাঁই নামৰ এজন যুৱকে টুইটাৰযোগে এই ঘোষণা কৰিছে। যুৱকজনৰ ঘৰ গোলাঘাটত।

চৰকাৰৰ কামকাজত অসন্তুষ্ট হৈ তেওঁ এই সিদ্ধান্ত ল’ব বিচৰা বুলি প্ৰকাশ কৰিছে।

মানস বৰগোহাঁইয়ে  টুইটত লিখিছে- ‘মই অতি শীঘ্ৰে “আলফা” স্বাধীনত যোগদান কৰিম । এই চৰকাৰখনে অকল আমাৰ অসমীয়াসকলক প্ৰতাৰণা কৰি আহিছে। চলা খোৱা সকলো পথ বন্ধ কৰি দিছে।’

আনহাতে, নৰ্থইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত সৱিশেষ জানিবলৈ দিছে মানস বৰগোহাঁই নামৰ যুৱকজনে।

কোভিড পৰিস্থিতিত কেনেকৈ এক আৰ্থিক অনাটনৰ সন্মুখীন হ’বলগীয়া হৈছে আৰু কেনেদৰে তেওঁৰ ব্যৱসায় ভাগি পৰিছে তাকো সদৰী কৰিছে বৰগোঁহাইয়ে।

আনকি, নিজৰ ক্ষেত্ৰত হোৱা এক ঘটনাৰ বৰ্ণনা কৰি ৰাজপথত পত্নীৰ সৈতে কেনেকৈ দুজন দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল আৰু তাৰপাছত আৰক্ষীৰ তাত হোৱা অভিজ্ঞতাৰ কথাও নৰ্থইষ্ট নাওৰ আগত বৰ্ণনা কৰিছে যুৱকজনে।

চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি জীৱনৰ বাবে এক সংকটপূৰ্ণ পথ বাচি লোৱাৰ বিষয়ে প্ৰকাশ কৰা সৱিশেষ চাওক বাতৰিৰ সৈতে সংলগ্ন কৰা নৰ্থইষ্ট নাওৰ ভিডিঅ’টোত।

Related News