NORTHEAST NOW (Assamese)

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ক’ৰ’না ভাইৰাছ পৰীক্ষণ শিৱিৰ

February 1, 2020 6:34 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ভাৰতীয় লোকসকলো ক’ৰ’না ভাইৰাছৰ দ্বাৰ সংক্ৰমিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি প্ৰকাশিত তথ্যৰ পাছতে ভাৰতীয় বিমান প্ৰাধিকৰণে অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত ক’ৰ’না ভাইৰাছ পৰীক্ষণ শিৱিৰ মুকলি কৰিছে।

বিমান প্ৰধিকৰণৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি উত্তৰ-পূবৰ বিভিন্ন অঞ্চললৈ বিমান যাত্ৰা কৰিবলগীয়া লোকসকলৰ বাবেও ক’ৰ’না ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হয় বুলি জানিবলৈ দিয়ে।

বৰ্তমানলৈ কোনো লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

‘‘চিংগাপুৰ আৰু ভূটানৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানযাত্ৰী গুৱাহাটী বিমান বন্দৰত উপস্থিত হয় আৰু সেইবাবে আমি ইয়াত ক’ৰ’না ভাইৰাছৰ বিশেষ পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিছো,’’ বিষয়াগৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, চীন আৰু মালেছিয়াকে ধৰি এছিয়াৰ বহুকেইখন দেশত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

চীনত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত আঢ়ৈ শতাধিক লোকৰ মৃত্যু হৈছে।

ভাৰতকো বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত সংবেদনশীল দেশৰ তালিকাত ৰাখিছে।

Related News