NORTHEAST NOW (Assamese)
অৰুণাচল

নগাঁৱত আৰক্ষী-আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰা ভৰ্তি চাৰিখন ট্ৰাক জব্দ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা January 31, 2020 8:32 pm
Samaguri News

নগাঁৱৰ চামগুৰিত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে অভিযান চলাই য়ু পি-২১বি এন ৭৩৭৩, এম এল-০৫ টি-৫৭৮৫, য়ু পি-২১ চি এন ৩১৯৯ আৰু য়ু পি ২১ বি এন ৭৩০০ নম্বৰৰ চাৰিখন অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

ট্ৰাককেইখনৰ লগতে আৰক্ষীয়ে ছয়জন ট্ৰাকৰ পৰিচালক আৰু চালকক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে অৰুণাচলৰ নিৰজুলিস্থিত “নেফা ব্ৰেৱেৰিচ প্ৰাইভেট লিমিটেড” নামৰ প্ৰতিষ্ঠানত প্ৰস্তুত হোৱা বুলি লেবেল মৰা “টুব’ৰ্গ ষ্টং বিয়েৰ” নামৰ সুৰাৰ সৰ্বমুঠ ৪৮০০টা কাৰ্টুন নীতি বহিৰ্ভূতভাৱে অৰুণাচলৰ পৰা শিলচৰ আৰু শ্বিলঙলৈ নিউ ইণ্ডিয়া ট্ৰাঞ্চপৰ্ট” নামৰ পৰিবহন কোম্পানী এটাই চাৰি খনকৈ ট্ৰাকৰ সহায়ত সৰবৰাহৰ চেষ্টা চলাই আৰক্ষী আৰু আবকাৰী বিভাগৰ হাতত আটক হয়।

জানিব পৰা মতে, জব্দ হোৱা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকাৰো অধিক হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও আবকাৰী বিভাগে ২৩ জানুৱাৰিত চামগুৰিত ছয়খনকৈ সুৰাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল।

বিগত সময়ত নগাঁৱৰ মাজেৰে অৰুণাচলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা বহিঃৰাজ্যলৈ চালান দি অহা হৈছে।

অসম আৰক্ষীয়ে নিয়মীয়াভাৱে অৰুণাচলী সুৰাৰ বিৰুদ্ধে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোকা পহৰা অব্যাহত ৰাখিছে।