কেইগৰাকীমান মহিলাক লাখপতি কৰিয়েই মহিলা সবলীকৰণ কৰিব নেকি বিজেপি চৰকাৰে!
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ‘লাখপতি বাইদেউ’ আঁচনি কেৱল নিৰ্বাচনী চমক। আজি এক সংবাদমেল সম্বোধন কৰি এই দাবী কৰে আম আদমি পাৰ্টী, অসমৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই।
গণেশগুৰিস্থিত আপ, অসমৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এই সংবাদমেলখনত অনুৰূপা ডেকাৰজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়চোৱাতেই বিজেপি চৰকাৰৰ মহিলাবিৰোধী স্থিতিক কঠোৰ সমালোচনা কৰে।
তেওঁ কয় যে ‘লাখপতি বাইদেউ’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী চমকৰ বাহিৰে একো নহয়। ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ ক্ষুদ্ৰ লোণ মাফ কৰি দিয়াৰ কথা কৈ এতিয়া তেওঁলোকৰ বহুতকেই এটকাৰ চেকহে প্ৰদান কৰিলে বুলি তেওঁ অভিযোগ কৰে।
সেইদৰে জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে অংগনৱাড়ী কৰ্মীসকলৰ আন্দোলনৰ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু অংগনৱাড়ীৰ কৰ্মী-সহায়িকাসকল, অৰুণোদই আঁচনিৰ হিতাধিকাৰীসকল লাখপতি হ’ব নালাগে নেকি বুলি প্ৰশ্ন কৰে।
‘সবকা সাথ সবকা বিকাশ’ৰ শ্লোগান দিয়া নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ এয়া মহিলাবিৰোধী স্থিতি বুলি উল্লেখ কৰি তেওঁ লগতে কেইগৰাকীমান মহিলাক লাখপতি কৰি সমাজৰ বৃহৎসংখ্যক মহিলাক দৰিদ্ৰতাৰ মাজত ৰাখি বিজেপি চৰকাৰে কিদৰে মহিলা সবলীকৰণ কৰিব বুলিও প্ৰশ্ন তোলে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ নিৰ্যাতিতা মহিলাসকলৰ কাষলৈ কিয় যাবলৈ সাহস গোটাব পৰা নাই বুলিও প্ৰশ্ন কৰে অনুৰূপা ডেকাৰজাই।
মহিলা সবলীকৰণৰ বিষয়ত অসম চৰকাৰক দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীৰ চৰকাৰৰ নীতিৰ সৈতে তুলনা কৰিও আপ নেত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনা কৰে।
তেওঁ কয় যে দিল্লীত চৰকাৰে মহিলাসকলক বিনামূলীয়া বাছ যাত্ৰা প্ৰদান কৰিছে, বাছত মহিলা সুৰক্ষাকৰ্মী নিয়োগ কৰিছে, দিল্লীৰ প্ৰতিটো অলিয়ে-গলিয়ে চিচিটিভিৰ ব্যৱস্থা কৰিছে, মহিলা সন্মান যোজনাৰ অধীনত ষাঠি লাখ মহিলাক প্ৰতি মাহে ১০০০ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে,বিধৱাসকলক মাহিলী পেঞ্চন প্ৰদান কৰিছে।
তাৰ বিপৰীতে অসম চৰকাৰে মহিলাসকলৰ সুৰক্ষা আৰু বিকাশৰ বাবে পৰ্যাপ্ত কাম কৰা নাই বুলি উল্লেখ কৰি অসম চৰকাৰে মহিলাৰ সুৰক্ষাৰ বাবে চিচিটিভিৰ ব্যৱস্থা কিয় কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে।
চৰকাৰৰ নীতিক সমালোচনা কৰি ’অসমৰ মহিলাসকলৰ উপাৰ্জন বিজেপি চৰকাৰৰ দিনত দুখলগাকৈ কমি আহিছে আৰু এনে পৰিস্থিতিত বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ ঢাকঢোল বজোৱাৰ কোনো অৰ্থ নাই’ বুলি মন্তব্য কৰে।
অংগনৱাড়ী কৰ্মীসকলৰ প্ৰতিবাদৰ সম্পৰ্কতো তেওঁ মন্তব্য কৰে। “আপে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ মাননি বঢ়াব লাগে বুলি আগৰেপৰাই চৰকাৰক দাবী জনাই আহিছে আৰু বৰ্তমান সময়ত চলি থকা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ প্ৰতিবাদক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে।”- তেওঁ কয়।