দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ: প্ৰত্যাশিতভাৱেই চৰকাৰ গঠনৰ দিশে আপ
আপ সমর্থকৰ বিজয় উৎসৱ আৰম্ভ।
দেশৰ সকলো প্ৰান্তৰ লোকৰ দৃষ্টি নিৱদ্ধ হৈ পৰা দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হ’ব।
ইতিমধ্যে ৰাতিপুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছে আৰু প্ৰথম পৰ্যায়ত প্ৰত্যাশিতভাৱেই আম আদমী পাৰ্টিয়ে অগ্ৰগতি লাভ কৰিছে।
দিল্লীৰ মুঠ ৭০ আসনৰ ভিতৰত এতিয়ালৈকে আম আদমী পাৰ্টিয়ে ৫৪খন আসনত অগ্ৰগতি লাভ কৰি আছে।
আনহাতে, নিজৰ বিজয়ক লৈ অত্যন্ত দৃঢ়তা প্ৰদৰ্শন কৰি কেন্দ্ৰৰ ক্ষমতাসীন বিজেপি দলে ১৫খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে এখন আসনত অগ্ৰগতি লাভ কৰি আছে।
দিল্লীৰ আম আদমী পাৰ্টিৰ মূখ্য কাৰ্যালয়ত ইতিমধ্যে উৎসৱৰ পৰিৱেশ গঢ়ি উঠিছে। ইয়াৰ মাজতে মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল কাৰ্যালয়ত গৈ উপস্থিত হৈছে।
আপৰ নেতাসকলে তেওঁলোকৰ আসনৰ সংখ্যা ৬০খন অতিক্ৰম কৰিব বুলি আশা ব্যক্ত কৰিছে।