NORTHEAST NOW (Assamese)
অসম

খহনীয়া! আম আদমী পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মাধুৰ্য শইকীয়াৰ পদত্যাগ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ August 2, 2021 9:44 am
Madhurjya saikia AAP

কংগ্ৰেছৰ পিছত এইবাৰ আম আদমী পাৰ্টীত আৰম্ভ হৈছে খহনীয়া।

আপ অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদকে হঠাৎ পদত্যাগ কৰিছে।

ৰাজ্যিক নেতৃত্বৰ কাম কাজত অসন্তুষ্ট হৈ আপৰ পৰা পদত্যাগ কৰিছে মাধুৰ্য শইকীয়াই।

আজি শিৱসাগৰত এক সংবাদ মেল যোগে এই কথা জানিবলৈ দিয়ে আপ অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদকগৰাকীয়ে।

আপ অসমত নেতৃত্বৰ অভাৱৰ বাবে দলটোৱে আজি ৮ বছৰে অসমৰ ৰাইজৰ মনত সোমাব নোৱাৰিলে। অসমৰ ৰাইজে দলটোক আকোঁৱালি নল’লে আজি পৰ্যন্ত। এইদৰে বিস্ফোৰক মন্তব্য কৰে শইকীয়াই।

আপ অসমত ৰাজনৈতিক চিন্তা ধাৰাৰ অভাৱ বুলিও মন্তব্য কৰে সদ্য পদত্যাগী নেতাজনে।

আপ অসমৰ পৰা পদত্যাগ কৰাৰ পিছত বৰ্তমানলৈকে কোনো ৰাজনৈতিক দলত যোৱাৰ চিন্তা-চৰ্চা কৰা নাই যদিও ভৱিষ্যতে ৰাজনৈতিক চিন্তাধাৰা থকা তথা ৰাইজৰ বাবে কাম কৰা দলত যোগদান কৰিব বুলি মন্তব্য কৰে আপ অসমৰ প্ৰাক্তন সাংগঠনিক সম্পাদকজনে।