NORTHEAST NOW (Assamese)
Popular Stories

সামাজিক মাধ্যম ত্যাগ কৰিলে বলিউডৰ চুপাৰষ্টাৰ আমিৰ খানে, কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 15, 2021 6:26 pm

৫৬ সংখ্যক জন্মদিনৰ পাছতে বলিউডৰ চুপাৰষ্টাৰ অমিৰখানে আজি ঘোষণা কৰে যে তেওঁ সামাজিক মাধ্যম ত্যাগ কৰিছে।

টুইটাৰযোগে তেওঁ এই কথা ঘোষণা কৰিছে।

তেওঁ কয় যে তেওঁৰ অন স্ক্ৰীণ- অফ স্ক্ৰীণৰ বিষয়ে এতিয়াৰে পৰা আমিৰ খান প্ৰডাকচনচৰ অফিচিয়েল চচিয়েল মিডিয়া একাউণ্টসমূহৰ পৰা অনুৰাগীসকলে জানিব পাৰিব।

ইয়াৰ কাৰণস্বৰূপে তেওঁ কয় যে সামাজিক মাধ্যম ত্যাগ কৰাৰ মূলতে হ’ল নিজৰ কামৰ প্ৰতি নিজকে ব্যস্ত ৰখা।

টুইটাৰযোগে দিয়া তেওঁৰ অন্তিম প’ষ্টটোত আমিৰ খানে লিখিছে যে অনুৰাগীসকলৰ মৰমে তেওঁৰ হৃদয় ভৰাই ৰাখিছে।

উল্লেখযোগ্য যে বৰ্তমান আমিৰ খান ‘লাল সিং চাধ্ধা’ নামৰ চিনেমাখনত ব্যস্ত আছে।

তেওঁৰ স’তে কৰীণা কাপুৰেও চিনেমাখনত অভিনয় কৰিছে।

হলিউডৰ ক্লাচিক চিনেমা টম হেংকছৰ ‘ফৰেষ্ট গাম্প’ৰ কাহিনীৰ আলমত চিনেমাখন নিৰ্মাণ কৰা হৈছে।