NORTHEAST NOW (Assamese)
Popular Stories

প্ৰচণ্ড ধূলীৰ ধুমুহাই চুই গ’ল চীনৰ ৰাজধানী বেইজিং, মংগোলীয়াত প্ৰাণ গ’ল ৬জনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 15, 2021 6:02 pm

প্ৰচণ্ড ধূলীৰ ধুমুহাই চুই গ’ল চীনৰ ৰাজধানী বেইজিং।

এটা দশকৰ পাছত তীব্ৰভাৱে বেইজিঙে মুখামুখী হ’ল এই ধূলীৰ ধুমুহাৰ।

সোমবাৰে ধূলীয়ে চহৰখন আৱৰি পেলায়।

চহৰখনৰ ৰঙেই সলনি হৈ পৰিল এই ধূলীৰ ধুমুহাত।

আকাশখন হৈ পৰিল ধোঁৱা-কোৱা, যেন পৃথিৱী ধ্বংস হ’ব ধৰিছে।

ফলত বেইজিঙৰ বিমানকোঠত শ শ বিমান আৱদ্ধ হৈ ৰয়।

দেশখনৰ উত্তৰত থকা ইনাৰ মংগোলীয়া প্ৰদেশৰ পৰা অহা ধূলী-বালিৰ এই ধুমুহাই ইতিমধ্যে মংগোলীয়াত ছজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

চীনৰ সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে, দেশখনৰ ৰাজধানী বেইজিঙকে ধৰি ১২ খন ৰাজ্য এই ধূলীৰ ধুমুহাই আৱৰি ধৰে।