NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত সংবাদমেল সম্বোধন কৰি প্ৰতিবাদৰ হুংকাৰ আমছুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2020 7:58 am

সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন চমুকৈ আমছুৰ বিশ্বনাথ জিলা সমিতিয়ে মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ দিয়ে।

আমছুৰ বিশ্বনাথ জিলা সমিতিয়ে সংবাদমেল সম্বোধন কৰি অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বৈজ্ঞানিক পদ্ধতিৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বানপানী আৰু গৰখহনীয়াৰ স্থায়ী সমাধান কৰা আদি বিভিন্ন দাবী পূৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।

আনহাতে, অসম চৰকাৰে বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোক সকললৈ আগবঢ়োৱা ক্ষতিপুৰণ শীঘ্ৰে মোকলাই দিয়াৰ বাবেও সংগঠনটোৱে সংবাদমেলৰ জৰিয়তে চৰকাৰক আহ্বান জনায়।

ইপিনে, চৰকাৰে এই দাবী সমূহ নিৰ্বাচনৰ পূৰ্বে শীঘ্ৰে সমাধান নকৰিলে আমছুৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

বিশ্বনাথ জিলাৰ হাজাৰ হাজাৰ লোক প্ৰতিবছৰে হৈ অহা বানপানীত হাৰাশাস্তিৰ সন্মুখিন হ’বলগীয়া হৈ আহিছে আৰু বহু সংখ্যক লোকে বানপানীৰ ফলত নিজৰ ভেটিৰ মাটি পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে বুলিও সংবাদমেলত আমছুৱে উল্লেখ কৰে।