NORTHEAST NOW (Assamese)
অসম

পঞ্জাৱ চৰকাৰে পাৰে অসম চৰকাৰে নোৱাৰে কিয়? পুৰণি পেঞ্চন ব্যৱস্থাৰ সপক্ষে আপৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2023 11:03 am

সমগ্ৰ দেশতেই চৰকাৰী কৰ্মচাৰী সকলৰ সৈতে হোৱা অন্যায়ৰ বিৰোধীতাৰে প্ৰতিবাদ গা কৰি উঠিছে৷ নতুন পেঞ্চন ব্যৱস্থাৰে কৰ্মচাৰী সকলৰ ভবিষ্যত আন্ধাৰ-মুন্ধাৰ কৰি তুলিছে চৰকাৰে৷ 

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আম আদমি পাৰ্টী অসমৰ সভাপতি ডা° ভবেন চৌধুৰীয়ে কয় যে নতুন পেঞ্চন ব্যৱস্থাই কৰ্মচাৰী সকলৰ সেৱাক ব্যৱসায়ৰ মডেল হিচাপে প্ৰতিষ্ঠা কৰি জীৱনজোৰা কষ্টক উপহাস কৰিছে৷ উল্লেখযোগ্য যে পঞ্জাৱৰ আম আদমি পাৰ্টীৰ চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰবৰ্তন কৰিছে আৰু দিল্লীত অ’ পি এছ প্ৰবৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে৷ 

চৌধুৰীয়ে লগতে কয় যে অসম চৰকাৰে ১৯৬৯ ৰ পেঞ্চন আইন আৰু ১৯৬৪ ৰ পৰিয়াল পেঞ্চন আইনৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে যি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল তাক এতিয়া মোডী চৰকাৰে নিজৰ অর্থনৈতিক নীতিৰ ব্যর্থতা ঢাকিবলৈ জীৱনজুৰি সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ যি সময়ত মন্ত্ৰী বিধায়কে এদিনৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিলেও বছৰেকত নুন্যত্বম ৫ লাখ টকাৰ পেঞ্চন, লক্ষাধিক টকাৰ ভ্ৰমণ বানচ আৰু স্বাস্থ্যসেৱা লাভ কৰে সেই সময়তে নতুন পেঞ্চন আঁচনি অনুসৰি কৰ্মচাৰীসকলৰ দৰমহাৰ ১০ শতাংশ ধন পেঞ্চনৰ শিতানত কাটি ৰখাৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে আৰু ১৪ শতাংশ ধন চৰকাৰে কৰ্মচাৰীজনৰ বাবদ জমা দিব আৰু এই সমুদায় ধন কেতবোৰ বিত্তীয় প্ৰতিষ্ঠানৰ জড়িয়তে বজাৰত বিনিয়োগ কৰিব আৰু তাৰ লভ্যাংশৰ পৰা কৰ্মচাৰীজনৰ অৱসৰৰ পিছত সেই অনুপাতে মাহিলী পেঞ্চন প্ৰদান কৰা হৈছে ৷ 

নতুন নীতিৰ অধীনত যোৱা কেইবছৰত অৱসৰ গ্ৰহণ কৰা সাত সহস্ৰাধিক শিক্ষক-কর্মচাৰীয়ে মাহিলী পেঞ্চনৰ নামত পাইছে মাত্ৰ ৩০০ ৰ পৰা ১৫০০ টকাকৈ৷ জীৱনজোৰা সেৱাৰ বিনিময়ত বৃদ্ধ কালত এসাঁজ ভাতৰো জোগাৰ কৰিবলৈ অসমৰ্থ হৈছে কৰ্মচাৰী সকল৷ 

প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ডা° ভবেন চৌধুৰীয়ে দাবী জনায় যে আম আদমি পাৰ্টী চৰকাৰৰ আৰ্হিত জনমুখী হওক বিজেপিৰ চৰকাৰ৷ কৰ্মচাৰীৰ জীৱনজোৰা ত্যাগ আৰু সেৱাৰ উচিত সন্মান প্ৰদান কৰক৷