NORTHEAST NOW (Assamese)

যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক আৰু চিন্তামণিগড়ত আৰ্তজনক আছুৰ সামগ্ৰী বিতৰণ

April 12, 2020 11:00 pm · নিৰ্মলেন্দু পাঠক
প্ৰতিনিধিত্বমূলক চিত্ৰ

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমনে অসমকো বাৰুকৈয়ে জোকাৰি গৈছে। বৰ্তমান লকডাউনৰ ফলত বহাগ বিহুৰ মাদকতাও হ্ৰাস পাইছে ৰাইজৰ মাজত। তেনে সময়তে আর্থিকভাৱে পিছ পৰা লোকৰ কাষত থিয় দিছে টীয়ক আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি টীয়কৰ গুৱাল গাঁৱত টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞাৰ নেতৃত্বত শতাধিক আর্থিকভাৱে পিছপৰা পৰিয়ালৰ মাজত চাউল, দাইল, পিয়াঁজ, আলু, নিমখ বিতৰণ কৰে।

বিতৰণ কাৰ্যসূচীত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনিমেশ শইকীয়া, বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, সহকাৰী সম্পাদক ভাস্কৰ গগৈ, দীপাংকৰ বেজবৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ ইছফাক আলি আহমেদৰ লগতে আন বহুতো সদস্য উপস্থিত থাকে।

আনহাতে শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই লাহন গাঁও, চিন্তামণিগড়, খাটোৱাল, বৰচোমনী, মৰিজাজী দ-গাঁৱৰ দুই শতাধিক লোকক খাদ্যসামগ্রী যোগান ধৰে।

এই বিতৰণ কাৰ্য্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, শিমলুগুৰি মৌজা আছুৰ উপদেষ্টা যদুমণি বৰুৱা, সভাপতি দেৱব্ৰত শইকীয়া, সম্পাদক কংকুল বৰুৱা, ৰেঙণি এটি আশাৰ সঞ্চালক বিজু শৰ্মা, ভগামুখ প্ৰেছ ক্লাৱৰ সভাপতি গকুল বৰাকে ধৰি স্থানীয় বহু লোক উপস্থিত থাকে।

ইফালে টীয়কৰ সমাজকৰ্মী দীপক বৰাই টীয়ক আৰু শিমলুগুৰি মৌজা আছুৰ বিষয়ববীয়াৰ উপস্থিতিত কলিয়াপানী চাংমাই গাঁৱকে ধৰি বিভিন্ন অঞ্চলৰ ২২০ টা পৰিয়ালক আৰ্থিক সাহায্য আৰু সামগ্ৰী বিতৰণ কৰে।

Related News