NORTHEAST NOW (Assamese)
অসম

জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দাবী আছুৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 24, 2022 6:10 pm
HSLC result HS result

যোৱা মাৰ্চ মাহতে সমাপ্ত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এই পৰ্যন্ত ঘোষণা কৰা নাই ছেবাই। আনকি পৰীক্ষাৰ ফলাফল ঘোষণাৰ নিৰ্দিষ্ট তাৰিখো ছেবাই এতিয়ালৈকে ঘোষণা কৰা নাই।

ছেবাৰ এই হেমাহিৰ বিৰুদ্ধে সৰৱ হৈ সদৌ অসম ছাত্ৰ সন্থাই আজি জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ দাবী জনায়।

আছুৰ এই দাবীৰ পিছতে ছেবাই জুন মাহৰ প্ৰথম সপ্তাহতে ফলাফল ঘোষণাৰ বাবে চেষ্টা কৰিব বুলি সঁহাৰি জনায়।

ইতিমধ্যে ফলাফল প্ৰকাশৰ ক্ষেত্ৰত প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছে বুলি ছেবাই সদৰি কৰিছে।

আনহাতে আছুৱে হাইস্কুলশিক্ষান্ত পৰীক্ষাৰ লগতে হৈ যোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলো সোনকালে ঘোষণা কৰিবলৈ দাবী জনায়।

জানিব পৰা মতে ২০ জুন বা তাৰ পূৰ্বেই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ।

ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পোৱাকৈ, ত্ৰুটিহীনভাৱে ফলাফল ঘোষণাৰ বাবে দুয়োখন শিক্ষা সংসদলৈ আহ্বান আছুৱে আহ্বান জনায়।

ইফালে বানপানী আৰু গুণোৎসৱৰ বাবে বাতিল হোৱা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাসমূহ পুনৰ ২৭ মে’ৰ পৰা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হৈছে।