NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধীতাৰে বিশ্বনাথত আছুৰ চহিদ দিৱস

December 10, 2018 9:38 pm · কাজি জেইদুল ইছলাম
Updated: December 10, 2018 10:11 pm

অসম আন্দোলনৰ ৮৫৫ গৰাকী চহিদক স্মৰণ কৰি আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথটো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত চহিদ দিৱস পালন কৰা হয়। জিলাখনৰ বিশ্বনাথ ঘাটৰ মটক গাঁও বৰনামঘৰ প্ৰাঙ্গণত অনুস্থিত অনুষ্ঠানত আছুৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকতকিকে ধৰি বিশ্বনাথৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে পুৱা পতাকা উত্তোলন আৰু চহিদ তৰ্পনৰ পিছতে পৰৱৰ্তী সময়ত বিশ্বনাথ ঘাট শাখা ছাত্ৰ সন্থাৰ অধিবেশন অনুষ্ঠিত হয়। অধিবেশনৰ অন্তত মটক গাঁও বৰনামঘৰ প্ৰাঙ্গণত বিশ্বনাথ জিলাৰ আছুৰ উপদেষ্টা ৰুপম দাসৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়।

চহিদ সকলক স্মৰণ কৰাৰ বাবে অনুষ্ঠিত হোৱা উক্ত সভাত নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভুমিকাৰ বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে আছুৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকতকিয়ে বিধেয়কখন বাতিলৰ দাবী তোলে।

লক্ষণীয়ভাৱে নেতা গৰাকীয়ে ৭০ টা জাতীয় সংগঠনৰ লগত এককভাৱে নাথাকিলেও চৰকাৰক বিধেয়ক বাতিল কৰাৰ বাবে দাবী জনোৱাৰ ক্ষেত্ৰত আছু নিজৰ নিতী আদৰ্শত সদায় অটল থকা বুলি মন্তব্য কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিশ্বনাথ ঘাট শাখা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানৰ অন্তত মটক গাওঁ বৰনামঘৰ প্ৰাঙ্গণত ৮৫৫ গজ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো সামৰা হয়।

Related News