NORTHEAST NOW (Assamese)

টীয়কৰ জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাৰ আদ্যশ্ৰাদ্ধত আছুৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

August 27, 2020 6:27 pm · নিৰ্মলেন্দু পাঠক

টীয়কৰ জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা তেখেতৰ বনাইৰ নিজ বাসগৃহত শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰি সাংবাদিকজনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

যোৱা ১১ আগষ্ট তাৰিখে হঠাৎ মৃত্যুক সাৱটি লৈছিল নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তা কাকতত কৰ্মৰত সাংবাদিকজনে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত মৃদুল বৰুৱাৰ পিতৃ বুদ্ধেশ্বৰ বৰুৱা, মাতৃ হীৰামাই বৰুৱা, পত্নী মুনমী বৰুৱা আৰু একমাত্ৰ জী ইছিকাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলিৰ আৰম্ভণি কৰে।

অনুষ্ঠানটোত টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰা, নিউজ লাইভৰ উজনি অসমৰ ব্যুৰচীফ প্ৰদীপ বৰা, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সতীশ চাহু, টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উপদেষ্টা কিশোৰ দাস, টীয়ক প্ৰেছ ক্লাবৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়া, টীয়ক প্ৰেছ ক্লাবৰ সভাপতি দুলাল হাজৰিকা, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰাৰ লগতে টীয়ক, শিমলুগুৰি মৌজা আছুৰ বিষয়ববীয়াৰ লগতে শতাধিক বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

স্মৃতিচাৰণ সভাত বক্তব্য ৰাখি যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে মৃদুল বৰুৱাৰ একমাত্ৰ কন্যাৰ ভৱিষ্যত দিনত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত নিউজ লাইভ পৰিয়ালক সহায় কৰিবৰ কাৰণে আহবান জনায়৷

Related News