নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শিৱসাগৰত আছুৰ গণ অৱস্থান
অসম চুক্তি উলংঘা কৰি অবৈধ হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, সাম্প্ৰদায়িক আৰু অ-সাংবিধানিক নাগৰিকত্ব (সংশোধনী) আইন বলপূৰ্বকভাৱে জাপি দিয়া কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্তৰ প্ৰতিবাদত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই শিৱসাগৰ নগৰত এক গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
দিনৰ ১১ বজাৰ পৰা ১ বজালৈ পালন কৰা এই কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ বুঢ়াগোহাঁই, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ শইকীয়া, সাধাৰণ সম্পাদক জিপম বৰাকে ধৰি শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে।
আছুৰ সদস্যসকলে ”কা’ আমি নামানো, সাম্প্ৰদায়িক বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, নিমাতী কন্যা সৰ্বানন্দ সোনোৱাল হায় হায়, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, ‘আমি কেন্দ্ৰৰ বিজেপি চৰকাৰক সকিয়াই দিব বিচাৰিছো যে, তেওঁলোকে অসমীয়া ৰাইজৰ আৱেগ অনুভূতিক নস্যাৎ কৰি বলপূৰ্বকভাৱে এটা ফেচিষ্ট সিদ্ধান্ত জাপি দিছে, সেইয়া কেতিয়াও গ্ৰহণ কৰা নহব।’
‘নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজক সংগঠিত কৰি ‘কা’ বিৰোধী আন্দোলনৰ ধাৰা আগবঢ়াই লৈ যাব।’ তেওঁ কয়।
তেওঁ লগতে কয়, ‘যিটো দলে আমাৰ আৱেগ অনুভূতিক নস্যাৎ কৰিছে, আমাৰ ভাষা সংস্কৃতিৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি আনিবলৈ খুজিছে সেই দলটোক অনাগত দিনত উচিত প্ৰত্যুত্তৰ দিবলৈ আমি ৰাইজক আহ্বান জনাইছো।’