NORTHEAST NOW (Assamese)

লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে কটু মন্তব্য কৰা শিল্পী বিপিন চাওদাঙক ডিব্ৰগড়ত নিষিদ্ধ কৰিলে আছুৱে

February 27, 2021 12:03 pm · এন ই নাও নিউজ
Updated: February 27, 2021 12:30 pm

সৌসিদিনা অসমৰ ‘কা’ বিৰোধী জনতাৰ কাষত থিয় হৈ ‘কা’ দাহ কৰাৰ আহ্বান জনোৱা শিল্পী বিপিন চাওদাঙে এতিয়া   স্থিতি সলনি কৰি ‘কা’ৰ সপক্ষে কথা কবলৈ আৰম্ভ কৰিছে।

বিজেপিৰ বিধায়ক বিমল বড়াৰ হৈ প্ৰচাৰ চলাই থকা শিল্পীগৰাকীয়ে শেহতীয়াকৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈৰ বিৰুদ্ধে কেতবোৰ বিতৰ্কিত মন্তব্য কৰাৰ কথাই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

লুৰীঁণ জ্যোতি গগৈক নীচ মানসিকতাৰ ব্যক্তি বুলি ৰাজহুৱা ভাবে মন্তব্য কৰাৰ বাবেই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই শিল্পীগৰাকীক ডিব্ৰুগড়ত সকলো কোনো অনষ্ঠান পৰিবেশন কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে।

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাইৰ সভাপতি বুলবুল দত্তই এই প্ৰসংগত আয়োজন কৰা এক সংবাদমেলত কয় যে শিল্পী বিপিন চাওদাঙে আছুৰ প্ৰাক্তন সভাপতি লুৰীণ জ্যোতি গগৈৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবেই তেওঁক ডিব্ৰুগড় জিলাত নিষিদ্ধ কৰা হৈছে।

আছুৱে শিল্পীগৰাকীয়ে কৰা মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছে। উল্লেখ্য টিংখাঙৰ বিজেপিৰ এখন সভাত শিল্পী বিপিন চাওদাঙে লুৰীণ জ্যোতি গগৈৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল।

সেই সভা খনতে তেওঁ কৈছিল যে প্ৰথমে তেওঁ ‘কা’ৰ বিষয়ে একো নজনাকৈয়ে ‘কা’ বিৰোধী আন্দোলনত ভাগ লৈছিল।

এতিয়াহে তেওঁ বুজি পাইছে যে ‘কা’ কিমান এখন ভাল আইন।বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা বিপিন চাওদাঙক আন কেইবাটাও সংগঠনেও উভতি ধৰিছে।

Related News