NORTHEAST NOW (Assamese)

বিভাজনকামী শক্তিৰ বিৰুদ্ধে খিলঞ্জীয়া জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হোৱাত গুৰুত্ব আছুৰ

October 25, 2019 10:28 am · প্ৰফুল্ল কামান
জোনাইত সাংবাদিকৰ আগত বক্তব্য ৰাখিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই। ফটো : নৰ্থইষ্ট নাও

সদৌ অসম ছাত্ৰ সন্থা(আছু)ৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে বিভাজন আনিবলৈ প্ৰচেষ্টা চলাই থকা বিভাজনকামী শক্তিসমূহৰ বিৰুদ্ধে খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হোৱাৰ এয়া উপযুক্ত সময়।

বৃহস্পতিবাৰে ধেমাজিত আছুৰ সাধাৰণ সভাত উপস্থিত থকা ভট্টাচাৰ্যই কয়,’’কিছুমান শক্তিয়ে অসমীয়া জাতিৰ মাজত ভাষা, সংস্কৃতি তথা ধৰ্মীয় পৰিচয়ৰ ভিত্তিত বিভাজন আনিবলৈ প্ৰচেষ্টা চলাই আছে।‘’

‘’এইটোৱে খিলঞ্জীয়া অসমীয়া সমাজৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে,’’-তেওঁ কয়।

আছুৰ সাধাৰণ সভাখন ধেমাজিৰ জোনাইত অনুষ্ঠিত হৈছিল আৰু ছাত্ৰ সংগঠনটোৰ শীৰ্ষ নেতা তথা কৰ্মীসকল উপস্থিত আছিল।

আছুৰ উপদেষ্টাগৰাকীয়ে ‘বিভাজনকামী শক্তিসমূহক’ অসমীয়া সমাজৰ মাজত সংঘাত সৃষ্টি নকৰিবলৈ সকীয়াই দিয়ে।

‘’সমাজখনত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা চলাই থকা শক্তিসমূহে জনা উচিত যে অসমীয়া জাতিয়ে তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিবলৈ ঐক্যবদ্ধ হৈছে,’’-ভট্টাচাৰ্যই লগতে কয়।

আছুৰ উপদেষ্টাগৰাকীয়ে সকলোকে তেওঁলোকৰ নিজৰ সামূহিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এক উমৈহতীয়া স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

‘’আমাৰ ৰাজ্যখনত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই। আমি জনগোষ্ঠীয় ভিন্নতাৰ দোহাই দি খিলঞ্জীয়া লোকসকলৰ মাজত বিভাজন আনিবলৈ সাম্প্ৰদায়িক শক্তিসমূহক কেতিয়াও অনুমতি নিদিও,’’-দোহাৰে।

Related News