NORTHEAST NOW (Assamese)

পৃথক বড়োলেণ্ডৰ দাবীত নতুন দিল্লীৰ যন্তৰ-মন্তৰত এবছুৰ ধৰ্ণা

November 15, 2018 4:48 pm · এন ই নাও নিউজ
নতুন দিল্লীৰ যন্তৰ-মন্তৰত পৃথক ৰাজ্যৰ দাবীত বৃহস্পতিবাৰে এবছুৰ ধৰ্ণা। ফটো : টুইটাৰ

নিখিল বড়ো ছাত্ৰ সন্থাএ (এবছু) এখন পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত বৃহস্পতিবাৰে নতুন দিল্লীৰ যন্তৰ-মন্তৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। দেশৰ আন আন পৃথক ৰাজ্যৰ দাবীদাৰ সংগঠনৰ সৈতে একেলগে নিখিল বড়ো ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাৱ্যস্ত কৰে।

নেশ্যনেল কনফেডাৰেশ্যন ফৰ নিউ ষ্টেটছৰ উদ্যোগত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে নতুন দিল্লীৰ সাংসদ মাৰ্গ উত্তাল কৰি তোলে। নেতাসকলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক তেওঁলোকৰ ‘মিছা প্ৰতিশ্ৰুতি’ প্ৰদানৰ বাবে দোষাৰোপ কৰে।

‘নৱ ভাৰতৰ বাবে নতুন ৰাজ্য’ শ্ল’গানেৰে প্ৰতিবাদত সাৱ্যস্ত কৰা  প্ৰতিবাদকাৰীসকলে শীঘ্ৰে পৃথক ৰাজ্যৰ দাবী মানি নল’লে আগন্তুক সাধাৰণ নিৰ্বাচনত ইয়াৰ বাবে ভয়াৱহ পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলিও হুংকাৰ দিয়ে।

‘’বিজেপিয়ে ২০১৪’ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত আমাক এখন পৃথক বড়োলেণ্ড প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি নাৰাখিলে,’’-এবছুৰ সভাপতি প্ৰমোদ বড়োই এইদৰে কয়।

১৯৬০ চনতে উত্থাপিত হোৱা বড়োসকলৰ বাবে এখন পৃথক ৰাজ্যৰ দাবী যোৱা বছৰ কেন্দ্ৰৰ সন্মুখত পুনৰ উত্থাপিত কৰা হৈছিল।

‘’সেই বৈঠকখনত গৃহমন্ত্ৰী গৰাকীয়ে আমাক কৈছিল যে পৃথক ৰাজ্যৰ বাবে আমাৰ দাবীটো এটা পুৰণি দাবী, সেয়া সকলোৱে জানে। কেন্দ্ৰই এই দাবীৰ যথাৰ্থতা নিশ্চিতভাৱে বিচাৰ কৰিব। ইয়াৰ বাবে তেওঁ কিমান দিন ল’ব বুলি যেতিয়া আমি সুধিছিলো, তেওঁ আমাক আলোচনা চলাই নিয়া হ’ব বুলি আশ্বাস দিছিল। কিন্তু তাৰ পাছত এটা বছৰতকৈয়ো অধিক সময় পাৰ হৈ গ’ল,’’-প্ৰমোদ বড়োই কয়।

এবছুৰ সভাপতি গৰাকীয়ে লগতে কয়, ‘’অসমৰ বড়োসকলক প্ৰেচাৰ কুকাৰসদৃশ পৰিৱেশত আবদ্ধ কৰি থোৱা হৈছে।‘’

আনহাতে, নতুন দিল্লীত প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবী পূৰণ নকৰালৈকে আন্দোলন চলাই নিয়াৰ কথা ব্যক্ত কৰিছে।

Related News