NORTHEAST NOW (Assamese)

সমীক্ষাৰ দাবী: ঋষি ছুনাককে প্ৰধানমন্ত্ৰীৰ চকীত বিচাৰে ৪৫ শতাংশ ব্ৰিটেইনবাসীয়ে

October 24, 2022 8:10 am · এন ই নাও নিউজ, গুৱাহাটী

ব্ৰিটেইনৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ আসনখনত ৪৫ শতাংশ ব্ৰিটেইনবাসীয়ে ঋষি ছুনাকক বহাটো বিচাৰে। এটা বহুজাতিক কোম্পানীৰ জনমত সমীক্ষাই এই দাবী কৰিছে। সমীক্ষাটোৱে লগতে দাবী কৰিছে যে তেওঁ প্ৰধানমন্ত্ৰী পদৰ দৌৰত আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনক পিছ পেলাইছে। বৰিছৰ ভাগ্যত মিলিছে মাত্ৰ ২৭ শতাংশ ভোট।

লিজ ট্ৰাছৰ পদত্যাগৰ পিছত ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নাম উঠি আহিছে ঋষিৰ। অৱশ্যেবৰিছে আনুষ্ঠানিকভাৱে এই কাম কৰা নাই। ‘অ’পিনিয়াম’ নামৰ সংস্থাটোৱে কৈছে যে ব্ৰিটেইনৰ ১,০০৫ জন লোকৰ জৰীপত বেছিভাগ লোকে ঋষিক বৰিছতকৈ আগুৱাই ৰাখিছে। সংখ্যাৰ ক্ষেত্ৰত ই হৈছে ৪৫ শতাংশ।

লগতে পঢ়ক: বিৰাট বন্দনা! ‘এজন বহুত ডাঙৰ খেলুৱৈ’;, মহাযুদ্ধত পৰাজিত হোৱাৰ পিছতো কোহলিৰ প্ৰশংসাত বাবৰ

দেশখনৰ ৪০ শতাংশ লোকে বিশ্বাস কৰে যে ব্ৰিটেইনৰ অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ ঋষি সঠিক প্ৰাৰ্থী। মুঠতে ১৭ শতাংশই বৰিছক এই দায়িত্বত চাব বিচাৰে। সমীক্ষা অনুসৰি, বেছিভাগ নাগৰিকে এইটোও ভাবে যে ব্ৰিটিছ সংসদৰ ৰিচমণ্ড সমষ্টিক প্ৰতিনিধিত্ব কৰা ঋষি হৈছে ১০ ডাউনিং ষ্ট্ৰীটৰ বাবে আটাইতকৈ যোগ্য দাবীদাৰ।

প্ৰসংগক্ৰমে ঋষিয়ে কৈছে যে তেওঁ ব্ৰিটেইনৰ অৰ্থনীতিক সংকটৰ পৰা মুক্ত কৰিবলৈ পুনৰ প্ৰধানমন্ত্ৰীপদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰে। তেওঁ দাবী কৰিছে যে কনজাৰ্ভেটিভ পাৰ্টিৰ ১৩০ জনতকৈও অধিক সাংসদৰ সমৰ্থন আছে। আনহাতে, বৰিছে জনায় যে ৫৮ জন সাংসদে তেওঁক ৰাজহুৱাভাৱে সমৰ্থন জনাইছে।

Related News