NORTHEAST NOW (Assamese)

দুৰ্ঘটনাত মৃত্যু গণতন্ত্ৰ দিৱসৰ হিংসাৰ গোচৰত অভিযুক্ত পাঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ

February 16, 2022 10:21 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ হিংসাৰ গোচৰত জামিনত বাহিৰত থকা অভিনেতা দীপ সিদ্ধুৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। কুণ্ডলী-মানেচাৰ-পালৱাল এক্সপ্ৰেছৱেত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

দুৰ্ঘটনাস্থলীত দৃশ্যমান পৰিস্থিতিৰ দ্বাৰা অভিনেতাজনৰ বাহনখনে এখন ট্ৰেইলাৰ ট্ৰাকৰ পিছফালে খুন্দা মৰা বুলি সন্দেহ কৰা হৈছে।

নিহত সিদ্ধু দিল্লীৰ পৰা পঞ্জাৱৰ ভাটিণ্ডালৈ যাত্ৰাৰ সময়তে তেওঁৰ বাহনখনে নিশা ৯:৩০ বজাত এখন ট্ৰেইলাৰ ট্ৰাকত খুন্দা মাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সিদ্ধুক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে সিদ্ধুক যোৱা বছৰ ফেব্ৰুৱাৰীত দিল্লী আৰক্ষীয়ে গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ ৰেলীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ মাজতে প্ৰতিবাদ কৃষকসকলে লালকিল্লাত প্ৰৱেশৰ চেষ্টা চলোৱাৰ পিছতে প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল।

ইয়াৰ পিছতে সিদ্ধুৱে এপ্ৰিলত জামিন লাভ কৰিছিল যদিও মুক্তি পোৱাৰ ঠিক পিছতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। এপ্ৰিলৰ শেষৰ ফালে তেওঁক দ্বিতীয়বাৰৰ বাবে জামিনত মুক্তি দিয়া হৈছিল।

জামিন পালেও আদালতে তেওঁক প্ৰয়োজন অনুসৰি যিকোনো সময়তে সোধা-পোছাৰ বাবে হাজিৰ হ’ব লাগিব বুলি নিৰ্দেশ দিছিল।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে টুইট যোগে অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। “প্ৰখ্যাত অভিনেতা আৰু সমাজকৰ্মী দীপ সিদ্ধুৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বিষয়ে জানি গভীৰ ভাৱে দুখ পাইছো। শোকসন্তপ্ত পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা আৰু প্ৰাৰ্থনা।” চান্নীয়ে টুইটত কয়।

 

পঞ্জাৱৰ বিত্ত মন্ত্ৰী মনপ্ৰীত সিং বাদল আৰু আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানেও টুইট যোগে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Related News