NORTHEAST NOW (Assamese)

ভ্ৰাম্যমাণৰ মঞ্চত বাইকসহ বাগৰি পৰি আঘাতপ্ৰাপ্ত অভিনেতা যতীন বৰা, আহত আন ৭জন

August 29, 2024 9:52 am · এন ই নাও নিউজ, গুৱাহাটী

বুধবাৰে সন্ধিয়া বৰপেটাৰ চেঙাত চলি থকা ইতিহাস থিয়েটাৰত ঘটে এক অঘটন। মঞ্চত নাট প্ৰদৰ্শনৰ সময়তে বাইকসহ বাগৰি পৰে জনপ্ৰিয় অভিনেতা যতীন বৰা।

চেঙাত ইতিহাস থিয়েটাৰৰ দ্বিতীয় নিশা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘মহাৰাজ’ নামৰ নাটকখন চলি থকাৰ সময়তে দুৰ্ঘটনাটো ঘটে।

নাটকৰ প্ৰদৰ্শনৰ মাজতে এক নাট্যমুহৰ্তত যতীন বৰাই গেলেৰীৰৰ পৰা দৰ্শকৰ মাজৰে গাড়ী চলাই আহিছিল। কিন্তু চম্ভালিব নোৱাৰি দৰ্শকৰ মাজতে বাইকসহ বাগৰি পৰে অভিনেতা যতীন বৰা। দুৰ্ঘটনাত কিছুপৰিমাণে আহত হৈছে অভিনেতাগৰাকী।

লগতে পঢ়কঃ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পুৰুষ প্ৰজাতি! ভয়ংকৰভাৱে হ্ৰাস পাইছে Y ক্ৰম’জম

আনহাতে, দুৰ্ঘটনাটোত শিশু-মহিলাসহ আন ৭জনকৈ লোক আঘাত প্ৰাপ্ত হয়। লগতে ছেটিঙছৰ যুৱক এজনো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আহতসকলক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে সুদীৰ্ঘ ৬ বছৰৰ মূৰত ভ্ৰাম্যমাণৰ মঞ্চলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰি অভিনেতা যতীন বৰা এইবাৰ ইতিহাসৰ থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে।

ইপিনে, এই ঘটনাক লৈ ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। ভ্ৰাম্যমানৰ মঞ্চত ছাৰ্কাছৰ দৰে ষ্টান্ট প্ৰদৰ্শনৰ কোনো প্ৰয়োজন নাছিল বুলিও একাংশই মন্তব্য কৰিছে। আন একাংশৰ মতে ভ্ৰাম্যমানত ভাল নাটকৰ অভাৱৰ বাবে এতিয়া সস্তীয়া বলীউদি কাৰবাৰৰ আগমণ ঘটিছে। 

Related News