NORTHEAST NOW (Assamese)

ইৰফান পাঠানৰ প্ৰেমিকাক ফোন কৰি বিৰক্ত কৰিছিল গম্ভীৰে! বিস্ফোৰক দাবী বলীউড অভিনেত্ৰীৰ

December 2, 2023 3:32 pm · এন ই নাও নিউজ, গুৱাহাটী

সদ্য সমাপ্ত বিশ্বকাপৰ চাৰিখন খেলৰ অন্তত ভাৰতীয় ক্ৰিকেট দলত সুযোগ লাভ কৰা মহম্মদ ছামীয়ে প্ৰতিযোগিতাখনৰ সময়ত অসাধাৰণ প্ৰদৰ্শনৰ উপৰিও আন এটা কাৰণত শিৰোনাম দখল কৰিছিল। বলীউডৰ অভিনেত্ৰী পায়েল ঘোষে তেওঁক বিশ্বকাপৰ সময়ত প্ৰেমৰ প্ৰস্তাৱ দিছিল। সেই বিষয়ে এটা সময়ত বহুত চৰ্চা হৈছিল। সেই অভিনেত্ৰীগৰাকীয়ে ইৰফান পাঠান আৰু গৌতম গম্ভীৰক লৈ বিস্ফোৰক মন্তব্য কৰিছে ।

শেহতীয়াকৈ পায়েলে দাবী কৰিছে যে ২০০৭ চনত ভাৰতক টী-২০ বিশ্বকাপ জিকোৱা ভাৰতীয় পেচাৰ ইৰফান পাঠানৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। ২০০৭ চনৰ পৰা ২০১১ চনলৈকে বলীউডৰ অভিনেত্ৰী আৰু ভাৰতীয় তাৰকা ক্ৰিকেটাৰগৰাকীৰ মাজত সম্পৰ্ক আছিল।

তাৰ পিছত সিহঁতৰ মাজৰ সকলো শেষ হৈ যায়। মনৰ দুখত দীৰ্ঘদিন ধৰি সঠিকভাৱে কাম কৰিব পৰা নাছিল বুলিও কয় অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য যে পায়েলে ‘পেটেল কি পাঞ্জাবী ছাদি’, ‘প্ৰয়ানাম’, ‘ফায়াৰ অফ লাভৰেড ’ ইত্যাদি ছবিত অভিনয় কৰিছে।

লগতে পঢ়কঃ মোডীৰ সৈতে ছেলফি ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীৰ; ছবিৰ নাম দিলে ‘মেলোডি’! ভাইৰেল পোষ্ট

এইগৰাকী বলীউডৰ অভিনেত্ৰীয়ে গৌতম গম্ভীৰক লৈও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইৰফান পাঠানৰ সৈতে সম্পৰ্কৰ সময়ত ভাৰতীয় অ’পেনাৰগৰাকীয়ে তেওঁক নিয়মিতভাৱে ফোন কৰি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। কিন্তু পায়েলে কয় যে তেওঁ সেই সময়ত ইৰফানকহে ভাল পাইছিল আৰু কেতিয়াও আন কোনো পুৰুষৰ ফালে চোৱা নাছিল।

ইৰফানৰ উপৰিও তেওঁৰ ককায়েক ইউছুফ পাঠান আৰু হাৰ্দিক পাণ্ডিয়াইও গম্ভীৰৰ ফোনটোৰ বিষয়ে জানিছিল বুলি পায়েলে দাবী কৰে।

 

তেওঁৰ নিজৰ একাউণ্টৰ পৰা কৰা এটা টুইটত তেওঁ অক্ষয় কুমাৰকো এইবোৰ ঘটনাৰ সৈতে জড়িত কৰিছে। বলীউডৰ অভিনেতাগৰাকী তেওঁৰ প্ৰেমত পাগল হৈ পৰিছিল। কিন্তু অক্ষয়ে গম্ভীৰৰ দৰে ফোন কৰি তেওঁক বিৰক্ত কৰা নাছিল। অৱশ্যে এই সন্দৰ্ভত গৌতম গম্ভীৰ, ইৰফান পাঠান বা অক্ষয় কুমাৰে কোনো মন্তব্য কৰা নাই। ইপিনে, পায়েলেও তেওঁৰ একাউন্টৰ পৰা পোষ্টকেইটা ডিলিট কৰিছে।

লগতে পঢ়কঃঅমিতাভ বচ্চনৰ সম্পত্তিৰ ভাগ-বতৰা; ২৮০০ কোটিৰ সম্পত্তিৰ কিমান পালে অভিষেক আৰু শ্বেতাই?

ভাৰতীয় ক্ৰিকেটাৰ দুগৰাকীয়ে এই ক্ষেত্রত এতিয়াও কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই আৰু তেওঁলোকে প্রতিক্রিয়া দিব বুলি আশা কৰাটোও অন্যায়৷ বৰ্তমান দুয়োজনেই ধাৰাভাষ্যকে ধৰি আন বিভিন্ন কামত ব্যস্ত আৰু বৈবাহিক জীৱনত অতি সুখী। বহু ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে দাবী কৰিছে যে কেৱল বাতৰিৰ শিৰোনাম দখল কৰিবলৈকে পায়েলে এনে ভুৱা দাবী কৰিছে।

Related News